শোকাবহ! বিয়াৰ পৰা উভতাৰ পথতে ভয়ংকৰ দুৰ্ঘটনাত মৃত্যু একে পৰিয়ালৰ ৫ সদস্যৰ

এখন মটৰ চাইকেলত পাঁচজন যাত্ৰা কৰাৰ ভয়ঙ্কৰ পৰিণতি! বিয়াৰ পৰা উভতি অহাৰ পথত দুৰ্ঘটনাগ্ৰস্ত হৈ দুটি শিশুসহ একেটা পৰিয়ালৰ পাঁচজন সদস্যৰ মৃত্যু হয়। শুকুৰবাৰে উত্তৰ প্ৰদেশৰ শ্বাহজাহানপুৰ-লক্ষ্ণৌ পথৰ গাতে লাগি থকা অঞ্চলত সংঘটিত হয় এই ঘটনা।

অঞ্চলটোৰ চক্ৰ বিষয়া অমিত চৌৰসিয়াই কয়, ‘শুকুৰবাৰে পুৱাই পৰিয়ালৰ সকলোৱে বিবাহ অনুষ্ঠানৰ পৰা উভতি আহিছিল। তেতিয়াই দুৰ্ঘটনাটো সংঘটিত হয়। অৱশ্যে এই ঘটনাৰ সঠিক কাৰণ কি সেয়া এতিয়াও স্পষ্ট হোৱা নাই। অনুমান কৰা হৈছে যে মটৰ চাইকেলখনে কেনেবাকৈ নিয়ন্ত্ৰণ হেৰুৱাইছে বা আন এখন বাহনৰ সৈতে খুন্দা মাৰিছিল।” দুৰ্ঘটনাৰ প্ৰকৃত কাৰণ জানিবলৈ ইতিমধ্যে তদন্ত আৰম্ভ হৈছে।

বিষয়াগৰাকীয়ে জনোৱা মতে, মৃত আটাইকেইজনৰ মূৰত গুৰুতৰভাৱে আঘাত পাইছে। মৃতদেহ কেইটা মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰা হৈছে। নিহত কেইজন হৈছে ৰঘুবীৰ (৩৪), পত্নী জ্যোতি (৩০), জুলি (৩৬)। ৰঘুবীৰ আৰু জ্যোতিৰ সন্তানৰো মৃত্যু হয়। তিনি বছৰীয়া অভি আৰু পাঁচ বছৰীয়া কৃষ্ণ।

By Pankaj

Leave a Reply

Your email address will not be published. Required fields are marked *