শোকাবহ! নির্মানাধীন অট্টালিকাত লিফ্ট খহি কৰুণ মৃত্যু ৪ শ্ৰমিকৰ

উত্তৰ প্ৰদেশৰ গ্ৰেটাৰ নয়ডাত লিফ্ট ভাঙি পৰাৰ ফলত চাৰিজন শ্ৰমিকে প্ৰাণ হেৰুৱাবলগীয়া হোৱা ঘটনাই শোকৰ ছাঁ পেলাইছে। শুকুৰবাৰে বিছৰাখ কোটৱালি অঞ্চলৰ অম্ৰাপালি গ্ৰুপৰ এটা নিৰ্মাণৰত অট্টালিকাত এই ঘটনা সংঘটিত হোৱা বুলি জানিব পৰা গৈছে।

শোকাৱহ দুৰ্ঘটনা সংঘটিত হোৱাৰ লগে লগে শ্ৰমিকক ওচৰৰ চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয়। অৱশ্যে চিকিৎসালয়ত তেওঁলোকক মৃত ঘোষণা কৰা হয়। চিকিৎসালয়খনত ৰখা মৃতদেহবোৰৰ হৃদয় বিদাৰক ভিজুৱেল ইণ্টাৰনেটত পোহৰলৈ আহিছে।

স্থানীয় খবৰ অনুসৰি এই ঘটনা সংঘটিত হোৱাৰ সময়ত লিফ্টৰ ভিতৰত মুঠ ১২ জন লোক আছিল। কেইবাজনো গুৰুতৰভাৱে আহত হোৱাৰ বিপৰীতে ইয়াৰে চাৰিজনে কৰুণভাৱে প্ৰাণ হেৰুৱাইছে। স্থানীয় কৰ্তৃপক্ষই এই তথ্য লাভ কৰাৰ লগে লগে ঘটনাস্থলীত উপস্থিত হয়। এই স্থানত উদ্ধাৰ আৰু সাহায্য অভিযান আৰম্ভ কৰে কৰ্তৃপক্ষই।

শ্ৰমিকসকলে নিৰ্মাণ সামগ্ৰী কঢ়িয়াই লৈ ফুৰিছিল লিফ্টখনত, হঠাতে বিপুল উচ্চতাৰ পৰা ভাঙি পৰি যায়। ইয়াৰ ফলত একাধিক লোকৰ মৃত্যু হোৱা বুলি বাতৰি প্ৰকাশ পাইছে। মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰা হয়।

ছ’চিয়েল মিডিয়া প্লেটফৰ্ম এক্স (পূৰ্বৰ টুইটাৰ)ত মুখ্যমন্ত্ৰীৰ কাৰ্যালয়ে শ্বেয়াৰ কৰা এটা পোষ্টত উল্লেখ কৰা হৈছে যে এই কৰুণ ঘটনাৰ মৃত্যুক লৈ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথে শোক প্ৰকাশ কৰিছে। পোষ্টটোত লগতে উল্লেখ কৰা হৈছে যে আহতসকলক উত্তম স্বাস্থ্যসেৱা প্ৰদানৰ লগতে এই ঘটনাৰ কঠোৰ তদন্ত আৰম্ভ কৰিবলৈ মুখ্যমন্ত্ৰীয়ে বিষয়াসকলক নিৰ্দেশ দিছে।

By Pankaj

Leave a Reply

Your email address will not be published. Required fields are marked *