জিমত ভাৰত্তোলনৰ সময়তে দুৰ্ঘটনাত পতিত হৈ মৃত্যু ঘটে ইণ্ডোনেছিয়াৰ ফিটনেছ ইনফ্লুৱেন্সাৰ তথা বডী বিল্ডাৰ জাষ্টিন ভিকিৰ। ১৫ জুলাইত বালিৰ জিমত পিছফালে এজন স্পটাৰ লৈ ২১০ কিলোগ্ৰাম ওজন স্কুৱেট-প্ৰেছ কৰিবলৈ চেষ্টা কৰি থকা অৱস্থাত ৩৩ বছৰীয়া বডি বিল্ডাৰজনৰ মৃত্যু ঘটে।
ওজন উত্তোলনৰ সময়ত এজন স্পটাৰে সহায় আগবঢ়ায়।
বালিৰ ছানুৰৰ পেৰাডাইজ জিমত ব্যায়াম কৰি থকাৰ সময়তে এই কাণ্ড সংঘটিত হয়। ছ’চিয়েল মিডিয়াত প্ৰকাশ পোৱা এটা ভিডিঅ’ত ভিকিয়ে কান্ধত ২১০ কিলোগ্ৰাম ওজনৰ বাৰবেলটো লৈ স্কুৱেট প্ৰেছ চেষ্টা কৰা দেখা গৈছিল। কিন্তু ওজনটো ধৰি ৰাখিবলৈ চেষ্টা কৰি থাকোঁতে তেওঁ বাগৰি পৰে আৰু মৃত্যু ঘটে।