শুকুৰবাৰে পুৱা পুনৰ আৰম্ভ উত্তৰকাশীৰ আৱদ্ধ শ্ৰমিকৰ উদ্ধাৰ অভিযান, কেতিয়া ৪১ শ্ৰমিকৰ সম্ভৱ হ’ব উদ্ধাৰ?

উত্তৰ কাশীৰ সুৰংগত আবদ্ধ হৈ থকা শ্ৰমিকসকলে এতিয়াও দেখা নাই সূৰ্য্যৰ পোহৰ। বৃহস্পতিবাৰে নিশা কিছু সময়ৰ বাবে উদ্ধাৰ কাম বন্ধ কৰি দিয়া হয়। মাটি খন্দা মেচিন হঠাৎ বিকল হৈ পৰাৰ বাবেই বন্ধ হৈ পৰে উদ্ধাৰ অভিযান। লগতে মেচিনটো ৰখা ফ্ল’ৰখনো খহিবলৈ আৰম্ভ কৰে। অৱশ্যে শুকুৰবাৰে পুৱা পুনৰ উদ্ধাৰৰ কাম আৰম্ভ হয়। কিন্তু কেতিয়া শ্ৰমিকক উদ্ধাৰ কৰা হ’ব সেই সন্দৰ্ভত একো জানিব পৰা হোৱা নাই। উদ্ধাৰকাৰীৰ মতে, খৰখেদাকৈ কৰা প্ৰচেষ্টাই বিপদ বৃদ্ধিহে কৰিব পাৰে।

প্ৰধানমন্ত্ৰী কাৰ্যালয়ৰ প্ৰাক্তন উপদেষ্টা ভাস্কৰ খুলবেয়েবৃহস্পতিবাৰে নিশা উদ্ধাৰকাৰীয়ে দুটা কাম কৰিবলগীয়া হোৱা বুলি জানিবলৈ দিয়ে। যি মজিয়াত মেছিন ৰখা হ’ব সেই মজিয়াখন মেৰামতি কৰা হৈছে। ইয়াৰ উপৰিও যন্ত্ৰটোৰ মুখত পাথৰ জমা হৈছিল। আঁতৰাই পেলোৱা হৈছে। তাৰ বাবে উদ্ধাৰৰ কাম সাময়িকভাৱে বন্ধ কৰি দিয়া হৈছে। কিন্তু ৫ মিটাৰ সন্মুখত কোনো ধাতুৰ বস্তু নাই বুলি ধাৰণা কৰা হৈছে। ফলত মাটি খননত কোনো সমস্যা নহ’ব।

ভাস্কৰে লগতে কয় যে শুকুৰবাৰে পুৱা এঘাৰ বা চাৰে এঘাৰ বজাৰ ভিতৰত পুনৰ খনন কাম আৰম্ভ হ’ব। তেওঁৰ মতে, ১৩ দিন আবদ্ধ হৈ থকা শ্ৰমিকসকলক শুকুৰবাৰে বাহিৰলৈ উলিয়াই আনিব পৰা যাব। অৱশ্যে ইয়াৰ বাবে কিমান সময় লাগিব সেয়া এতিয়াও জানিব পৰা হোৱা নাই। মন কৰিবলগীয়া যে বৃহস্পতিবাৰে শ্ৰমিকসকলক উলিয়াই অনাটো সম্ভৱ হ’ব বুলি জনা গৈছিল। কিন্তু এতিয়াও সুৰংগটোত আবদ্ধ হৈয়ে আছে। প্ৰসংগক্ৰমে ৪৬.৮ মিটাৰ পৰ্যন্ত খনন সম্ভৱ হোৱা বুলি খবৰ পোৱা গৈছে। ৫৭ মিটাৰ পোৱাৰ পিছতহে শ্ৰমিকক উদ্ধাৰ কৰিব পাৰিব।

প্ৰসংগক্ৰমে উত্তৰকাশীৰ ছিল্ক্যৰা আৰু দণ্ডলগাঁৱৰ মাজত এই সুৰংগটো নিৰ্মাণ কৰি থকা হৈছিল। চাৰে চাৰি কিলোমিটাৰ দৈৰ্ঘ্যৰ এই সুৰংগটো। ইয়াৰে ১৫০ মিটাৰ দৈৰ্ঘ্যৰ এলেকা হঠাতে ভাঙি পৰাত ভিতৰত আৱদ্ধ হৈ পৰে ৪১ জন শ্ৰমিক।

By editor

Leave a Reply

Your email address will not be published. Required fields are marked *