শিশুৰ বিকাশ আৰু সামগ্ৰিক স্বাস্থ্যত সহায় কৰিবলৈ এব’টে নিউট্ৰি-পুল প্ৰণালীৰ সৈতে আগবঢ়াইছে নতুন পেডিয়াচিয়ৰ

শিশুৰ বিকাশ আৰু সম্পূৰ্ণ সম্ভাৱনাক প্ৰাপ্ত কৰাত সহায় কৰিবলৈ সঠিক পুষ্টি অতি জৰুৰী। বৰ্তমান বিশ্বজুৰি ৫ বছৰৰ তলৰ প্ৰায় ১৪৯ মিলিয়ন শিশু আছে—আৰু ইয়াৰে ভাৰতত এক তৃতীয়াংশ বা ৪০.৬ মিলিয়ন শিশু আছে। বিশ্বব্যাপী স্বাস্থ্যসেৱা আগবঢ়োৱা প্ৰতিষ্ঠান এবটে শিশুৰ বৃদ্ধি আৰু বিকাশত সহায়ক হোৱাকৈ নিউট্ৰি-পুল প্ৰণালীৰ সৈতে নতুন পেডিয়াচিয়ৰ মুকলিৰ কথা ঘোষণা কৰিছে। নিউট্ৰি-পুল প্ৰণালী হৈছে ভিটামিন কে২, ভিটামিন ডি, ভিটামিন চি আৰু কেচিন ফছফ’পেপটাইড(চিপিপি)ৰ দৰে উপাদানৰ এক অনন্য সংমিশ্ৰণ, যিয়ে মূল পুষ্টিকৰ গুণ শোষণৰ জৰিয়তে শিশুৰ মাজত কেচ-আপ(শক্তি) বৃদ্ধিত সহায় কৰে।

পুষ্টিহীনতা আৰু অৱনতি(ষ্টাণ্টিং)ৰ দৰে সমস্যাসমূহ সমাধানৰ বাবে পৰিপুষ্টি অতি গুৰুত্বপূৰ্ণ আৰু আগতীয়াকৈ হস্তক্ষেপ বা ব্যৱস্থাই শিশুসকলক সম্পূৰ্ণ বিকাশৰ সক্ষমতা প্ৰাপ্ত কৰাত সহায় কৰিব পাৰে। যদি শিশু এটাৰ পুষ্টিগ্ৰহণ কম বা কম পৰিমাণে পুষ্টি গ্ৰহণ কৰে তেন্তে চিকিৎসক বা পঞ্জীয়নভুক্ত ডায়েটিচিয়ানে(খাদ্য বিশেষজ্ঞ) খাদ্যাভ্যাসৰ উন্নতিৰ বাবে টিপছ বা পৰামৰ্শ দিব পাৰে। পেডিয়াচিয়ৰ এক নিদানিকভাৱে প্ৰমাণিত পুষ্টিগত পৰিপূৰক, যিয়ে চিপিপিৰ সৈতে নিউট্ৰি-পুল ব্যৱস্থাকে ধৰি প্ৰটিন আৰু বৃদ্ধিৰ মূল পুষ্টিকৰ উপাদানসমূহ প্ৰদান কৰি শৈশৱৰ বৃদ্ধিত সহায় কৰে।

চিপিপিৰ দৰে পেপটাইডবোৰ সম্পূৰ্ণ প্ৰ’টিনতকৈ দ্ৰুতগতিত শোষিত হয়, যাৰ ফলত বৃদ্ধিৰ বাবে অত্যাৱশ্যকীয় খনিজ পদাৰ্থবোৰ আকৰ্ষণ কৰে। এই বিষয়ে এবটৰ ভাৰতৰ নিউট্ৰিচন বিজনেছ(পুষ্টি ব্যৱসায়)ৰ জেনেৰেল মেনেজাৰ নীল জৰ্জে কয় যে, ”নতুন পেডিয়াচিয়ৰ মুকলিৰ লগে লগে আমি শিশুসকলক নিজৰ বিকাশৰ লক্ষ্য প্ৰাপ্ত কৰাত সহায় কৰিবলৈ সঠিক পুষ্টি আৰু নতুন উপাদান যেনে চিপিপি প্ৰদান কৰি আহিছো।”

By Business Bureau

Leave a Reply

Your email address will not be published. Required fields are marked *