ড্ৰাগছ তথা অন্য নিচাজাতীয় সামগ্ৰীৰ বিৰুদ্ধে অসম আৰক্ষীয়ে অব্যাহত ৰখা অভিযানত অন্য এক সফলতা শিলচৰ আৰক্ষীৰ।
শনিবাৰে শিলচৰ আৰক্ষীয়ে অভিযান চলাই শিলচৰৰ কাটাগাষ্টলৰ ২.২ কেজি হেৰ’ইন জব্দ কৰিবলৈ সক্ষম হয়।
১৪৩ টা চাবোনৰ বাকচত ভৰাই গোপনে সৰবৰাহৰ সময়তে আৰক্ষীয়ে গোপন খবৰৰ ভিত্তিত ড্ৰাগছখিনি জব্দ কৰাৰ লগতে দুজন সৰবৰাহকাৰীক আটক কৰে।
শিলচৰ আৰক্ষীৰ এই সফল অভিযানক টুইটযোগে প্ৰশংসা কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।