লাহোৱালত ঘৰৰ ওপৰত প্ৰকাণ্ড গছ উভালি পৰি মৃত্যু এগৰাকী বৃদ্ধাৰ…

বুধবাৰে পুৱতি নিশা ডিব্ৰুগড় জিলাত ধুমুহাই এডাল বৃহৎ গছ উভালি পেলোৱাৰ ফলত থিতাতে মৃত্যু হয় এগৰাকী বৃদ্ধা।

জিলাখনৰ লাহোৱাল অঞ্চলৰ তামুলবাৰী চাহ বাগিচাত ধুমুহাই এডাল প্ৰকাণ্ড গছ উভালি পেলোৱাৰ ফলত এগৰাকী ৬০ বছৰীয়া মহিলাৰ মৃত্যু হয়।

অসমৰ কিছু অংশত ব্যাপক ধুমুহাই আৱাসিক ঘৰৰ ক্ষতিসাধন কৰাৰ লগতে পশুধনৰ মৃত্যু হোৱাৰ খবৰ পোৱা গৈছে।

সেই সময়ছোৱাত বৃদ্ধাগৰাকীৰ ঘৰৰ ওপৰত বাগৰি পৰে এজোপা প্ৰকাণ্ড গছ। যাৰ ফলত ঘৰটো সম্পূৰ্ণৰূপে ধ্বংস হৈ পৰে আৰু ভিতৰত আৱদ্ধ হৈ মৃত্যু ঘটে বৃদ্ধাগৰাকীৰ।

স্থানীয় এজনে জনোৱা মতে, পুৱা প্ৰায় ৪.৩০ বজাত মৃতকৰ ঘৰত এটা প্ৰকাণ্ড গছ বাগৰি পৰে। স্থানীয় ৰাইজে ঐক্যবদ্ধভাৱে বিশাল গছজোপা আঁতৰাই চিকিৎসাৰ বাবে তেওঁক চিকিৎসালয়ত ভৰ্তি কৰে যদিও চিকিৎসকে বৃদ্ধাক মৃত বুলি ঘোষণা কৰে।

ইফালে ঘোৰামৰা আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ বিষয়টোৰ তদন্ত আৰম্ভ কৰে।

By editor

Leave a Reply

Your email address will not be published. Required fields are marked *