লামডিং ৰে’লৱে ষ্টেছনত গাঞ্জাসহ আটক ৪ মহিলাক

লামডিং ৰেলৱে ষ্টেচনত গাঞ্জা সৰবৰাহৰ অপৰাধত ৰে’ল সুৰক্ষা বাহিনী আৰু চৰকাৰী ৰে’ল আৰক্ষীৰ যুটীয়া দল এটাই আটক কৰিছে চাৰিগৰাকী মহিলাক। গোপন গোপন সূত্ৰৰ ভিত্তিত অভিযান চলাই দলটোৱে বিহাৰৰ বাসিন্দা বুলি কোৱা মহিলাকেইগৰাকীক আটক কৰে।

৪ নং প্লেটফৰ্মত ৰৈ থকা কাঞ্চনজংঘা এক্সপ্ৰেছ (ট্ৰেইন নং- ১৩১৭৪)ৰ পৰা অভিযুক্তক আটক কৰা হয়। সূত্ৰ অনুসৰি বিহাৰৰ বিভিন্ন জিলাৰ পৰা অহা এই চাৰিটা সৰবৰাহকাৰী।

তালাচীৰ সময়ত তেওঁলোকৰ শৰীৰৰ বিভিন্ন অংশৰ পৰা মুঠ ৭ কেজি গাঞ্জা উদ্ধাৰ কৰা হয়। সম্প্ৰতি আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে।

By editor

Leave a Reply

Your email address will not be published. Required fields are marked *