পুৱা লাউডস্পীকাৰৰ জৰিয়তে শুনা আজানে শব্দ প্ৰদূষণৰ সৃষ্টি কৰে। গতিকে মাইকত আজান বজোৱা বন্ধ কৰক। এনে দাবী লৈ গুজৰাট উচ্চ ন্যায়ালয়ৰ কাষ চাপিছিল এজন ব্যক্তি। তেওঁৰ আবেদন খাৰিজ কৰি উচ্চ ন্যায়ালয়ে পাল পাতি সুধিলে, যেতিয়া মন্দিৰত পুৱা ঢোল বজাই আৰতি কৰা হয়, সেই শব্দও বিয়পি নাযায়নে?
মঙলবাৰে জনস্বাৰ্থৰ গোচৰৰ শুনানি গ্ৰহণ কৰি ন্যায়াধীশ সুনীতা আগৰৱাল আৰু ন্যায়াধীশ অনিৰুদ্ধ পি মাইৰ বিভাগীয় বিচাৰপীঠে কয় যে মানুহৰ কণ্ঠস্বৰ আজান কেনেকৈ এনে প্ৰদূষণৰ সৃষ্টি কৰিব পাৰে সেয়া সঁচাকৈয়ে বুজিব নোৱাৰা। ন্যায়াধীশৰ ভাষাত “আমি বুজি নাপাওঁ যে ৰাতিপুৱাৰ ভাগত লাউডস্পীকাৰৰ জৰিয়তে শুনালে মানুহৰ মাত আজান কেনেকৈ শব্দ প্ৰদূষণৰ ডেচিবেলত উপনীত হ’ব পাৰে? যিয়ে জনস্বাস্থ্যৰ ক্ষতি কৰিব পাৰে!”
তাৰোপৰি আৱেদনকাৰী শক্তিচিন জালাক সোধা হৈছিল- “আপোনাৰ মন্দিৰত ৰাতিপুৱা তিনি বজাত গান আৰু ঢোল বজাই আৰতি কৰা হয়। সেই শব্দটো কাৰোবাৰ ওচৰলৈ যায় নেকি? মানে ঘণ্টা বাজি মন্দিৰ চৌহদতে আবদ্ধ হৈ আছে? মন্দিৰৰ বাহিৰলৈ নাযায় নেকি?” ইয়াৰ পিছত গুজৰাট উচ্চ ন্যায়ালয়ে কয় যে বিচাৰপীঠে এনে আবেদনৰ শুনানি গ্ৰহণ কৰিবলৈ ইচ্ছুক নহয়। ইয়াক জনোৱা হৈছে, “এয়া বিশ্বাসৰ কথা, যিটো বছৰ বছৰ ধৰি চলি আহিছে। আৰু ইয়াৰ সময়সীমা ৫-১০ মিনিট।”