লজ্জাজনক! নিজ কন্যাকে ধৰ্ষণ কৰিবলৈ প্ৰেমিকক সহায় পাষাণ মাতৃৰ, ৪০ বছৰৰ কাৰাদণ্ডৰ শাস্তি আদালতৰ

পৃথিৱীৰ আটাইতকৈ ভাল লগা শব্দ যদি আছে, তেন্তে সেয়া হৈছে ‘আই’। সন্তানৰ বাবে মাতৃৰ মমতা আন কাৰোৰে সৈতে নিশ্চয় তুলনা কৰিব নোৱাৰি। কিন্তু এইখন পৃথিৱীত এনে মাতৃও আছে, যিয়ে নিজৰ লজ্জাজনক কাণ্ডৰে চৰ্চা লাভ কৰিও আহিছে। তেনে এগৰাকী পাষাণ মাতৃকে শেহতীয়াকৈ ৪০ বছৰৰ কঠোৰ কাৰাদণ্ডৰ শাস্তি বিহিলে কেৰালাৰ এখন আদালতে। নিজৰ কণমানি দুই সন্তানক দিনৰ পিছত দিন ধৰি শাৰীৰিক নিৰ্যাতন চলোৱাত প্ৰেমিকক সহায় কৰি অহা এই নিৰ্লজ্জ মাতৃক POCSO গোচৰত ২০ হাজাৰ টকা জৰিমনাও বিহা হয়।

বাতৰি অনুসৰি, ২০১৮ চনৰ মাৰ্চৰ পৰা ২০১৯ চনৰ ছেপ্টেম্বৰৰ ভিতৰত দুগৰাকী কণমানি ছোৱালীয়ে এই নৰকীয় অত্যাচাৰ অবিৰতভাৱে সহ্য কৰিবলগীয়া হৈছিল। নিৰ্যাতিতা কণমানি দুগৰাকীৰ এজনীৰ বয়স মাত্ৰ ৭ বছৰ আৰু আনগৰাকীৰ ১১ বছৰ। জানিব পৰা মতে অভিযুক্ত মহিলাগৰাকীৰ স্বামী মানসিকভাৱে অসুস্থ আছিল। মহিলাগৰাকীয়ে তেওঁক এৰি নিজৰ প্ৰেমিক শিশুপালনৰ লগত থাকিবলৈ আৰম্ভ কৰে। আৰু এই সময়ত শিশুপালনে নিৰ্দয়ভাৱে নিৰ্যাতন চলাইছিল কণমানি দুটিৰ ওপৰত। আনহাতে দুগৰাকী কণমানিক প্ৰেমিকে এনেদৰে বাৰাম্বাৰ নিৰ্যাতন চলোৱাৰ পিছত পাষাণ মাতৃ কেৱল মৌন হৈ থকাই নহয়, আচলতে সহায়ো কৰিছিল।

এই নিৰ্যাতন সন্দৰ্ভত প্ৰথম অৱস্থাত শিশু দুটা ভাবুকিৰ সন্মুখত নিমাত হৈ থাকিল যদিও পিছলৈ আইতাকক সকলো কথা কয়। কেৰালাৰ তিৰানন্তপুৰমৰ বিশেষ সত্ৰ ন্যায়াধীশৰ আদালতে মহিলাগৰাকীক সমগ্ৰ মাতৃত্বৰ বাবে লজ্জা বুলি অভিহিত কৰি অভিযুক্তক কোনো ধৰণে ক্ষমা কৰিব নোৱাৰি বুলি কয়। ইয়াৰ পিছতে আদালতে অভিযুক্ত মহিলাগৰাকীক সৰ্বোচ্চ শাস্তি প্ৰদান কৰে। প্ৰসংগক্ৰমে এই গোচৰৰ আন এজন অভিযুক্ত শিশুপালনে ইয়াৰ পূৰ্বে আত্মহত্যা কৰিছিল।

By editor

Leave a Reply

Your email address will not be published. Required fields are marked *