যৌন নিৰ্যাতনৰ অভিযোগত অভিযুক্ত বিজেপি সাংসদ ব্ৰিজ ভূষণৰ সমৰ্থনত এইবাৰ ৰাজপথত নামিব অযোধ্যাৰ পুৰোহিত…

ভাৰতীয় মল্লযুঁজ ফেডাৰেচনৰ অধ্যক্ষ ব্রিজ ভূষণ চৰণ সিঙৰ পদত্যাগৰ বাবে মল্লযুঁজাৰুসকলে ধাৰাবাহিকভাৱে প্ৰতিবাদ সাব্যস্ত কৰি আছে। আন্দোলনকাৰী খেলুৱৈসকলে তেওঁৰ বিৰুদ্ধে যৌন নিৰ্যাতনৰ দৰে গুৰুতৰ অভিযোগ উত্থাপন কৰিছে। এনে পৰিস্থিতিত অযোধ্যাৰ পুৰোহিতৰ এটা সংগঠন থিয় দিছে ব্রিজ ভূষণৰ সমৰ্থনত৷

সংগঠনটোৰ অন্যতম সদস্য মহন্ত সত্যেন্দ্ৰ দাসে এই বিষয়ত বুধবাৰে অৱগত কৰে। ৫ জুনত ব্রিজ ভূষণৰ সমর্থনত অযোধ্যাত পদযাত্ৰাৰ কথাও ঘোষণা কৰে সত্যেন্দ্ৰ দাসে৷ পুৰোহিত সকলে প্ৰকাশ কৰা মতে, অযোধ্যাৰ ৰামকথা পাৰ্কৰ পৰা আৰম্ভ হ’ব এই শোভাযাত্ৰা।

ইফালে ব্রিজ ভূষণৰ উপ-সহায়ক সুভাষ সিঙে কয়, “জ্যেষ্ঠ পুৰোহিত আৰু মহন্তৰ আহ্বানত এই সভা অনুষ্ঠিত হ’বলৈ গৈ আছে। ইয়াৰ প্ৰভাৱ সমগ্ৰ দেশতে পৰিব। হৰিদ্বাৰ, কাশী, মথুৰাৰ দৰে গুৰুত্বপূৰ্ণ হিন্দু তীৰ্থস্থানৰ মহন্তসকলেও এই শোভাযাত্ৰাত অংশগ্ৰহণ কৰিব।”

উল্লেখযোগ্য যে দীৰ্ঘদিন ধৰি দিল্লীৰ যন্তৰ-মন্তৰত ব্রিজ ভূষণৰ পদত্যাগৰ দাবীত মল্লযুঁজাৰুসকলে প্রতিবাদ সাব্যস্ত কৰি আহিছিল৷ যোৱা দেওবাৰে নতুন সংসদ ভৱনৰ উদ্বোধনী দিনটোত তাত প্ৰতিবাদ কৰাৰ সিদ্ধান্ত লৈছিল।

কিন্তু সেইদিনা প্ৰতিবাদী কাৰ্যসূচী আৰম্ভ কৰাৰ লগে লগে দিল্লী আৰক্ষীয়ে আন্দোলনকাৰী মল্লযুঁজাৰুসকলক বাধা প্ৰদান কৰে। যাৰ ফলত দুয়োটা পক্ষৰ মাজত অপ্ৰীতিকৰ পৰিস্থিতিৰ সৃষ্টি হয়। কেইবাগৰাকীও আন্তঃৰাষ্ট্ৰীয় পদক বিজয়ীক চোঁচৰাই নিয়া আৰক্ষীৰ নিৰ্মম অত্যাচাৰৰ ফটো, ভিডিঅ’ পোহৰলৈ আহে। অৱশ্যে পিছত তেওঁলোকক মুকলি কৰি দিয়া হয়।

দেওবাৰৰ এই ঘটনাৰ পিছত পৰিস্থিতিয়ে সংকটজনক ৰূপ ধাৰণ কৰে। মঙলবাৰে গংগাত পদক বিসৰ্জন দিয়াৰ কথা ঘোষণা কৰে মল্লযুঁজাৰুসকলে। অলিম্পিকৰ পদক বিজয়ী সাক্ষী মালিকে কালি এই সন্দৰ্ভত টুইট কৰে।

নিজৰ টুইটাৰ হেণ্ডেলত সাক্ষীয়ে লিখিছে, ‘মা গংগাতকৈ পবিত্ৰ একো নাই। কষ্টোপাৰ্জিত পদকৰ এই দেশৰ বাবে কোনো মূল্য নাই। গতিকে আমি পবিত্ৰ গংগাত পদক বিসৰ্জন দিম।”

সাক্ষীয়ে এই কথা টুইট কৰাৰ লগে লগে সমগ্ৰ দেশত হুলস্থুলৰ সৃষ্টি হয়। হাৰিয়ানাৰ কৃষক নেতাসকলে পদক বিজয়ীসকলক এই কাৰ্য্যৰ পৰা বিৰত থাকিবলৈ কয়। কিন্তু মল্লযুঁজাৰুসকলে নুশুনিলে। মঙলবাৰে বিয়লি হৰিদ্বাৰৰ হৰ কি পৌৰী ঘাটত উপস্থিত হয়। সকলোৰে হাতত পদক আছিল।

হৰিদ্বাৰ পোৱাৰ লগে লগে কেইবাজনো মল্লযুঁজাৰু কান্দোনত ভাগি পৰে। সেই সময়ত নৰেশ টিকাইতৰ নেতৃত্বত ভাৰতীয় কৃষক সংঘৰ এটা দল তাত উপস্থিত হয়। কৃষক নেতাসকলেহে মল্লযুঁজাৰুসকলক বুজাই বঢ়াই পদক বিসৰ্জনৰ সিদ্ধান্ত বাতিল কৰোৱাবলৈ সক্ষম হয়।

প্ৰসংগক্ৰমে আন্দোলনকাৰী মল্লযুঁজাৰুসকলে এই বিষয়ত কেন্দ্ৰক পাঁচ দিনৰ সময় দিছে। এই পৰিস্থিতিত ক্ৰীড়া মন্ত্ৰালয়ে কি পদক্ষেপ গ্ৰহণ কৰিব সেয়া হ’ব লক্ষ্যণীয়।

By editor

Leave a Reply

Your email address will not be published. Required fields are marked *