গুৱাহাটীৰ পৰা প্ৰকাশিত তথা ৱেব আলোচনী দাপোণ জীৱনৰ তৰফৰ পৰা অসমীয়া নববৰ্ষ উপলক্ষ্যে যোৰহাটৰ জ্যেষ্ঠ নাগৰিক, লেখক, সমাজকৰ্মী তথা জ্যোতিষী প্ৰবীৰ ভট্টাচাৰ্য্যক যোৱা ইংৰাজী ৯ মে,২০২২ তাৰিখে সম্বৰ্ধনা জনোৱা হয়। দাপোণ জীৱনৰ ৱেব আলোচনীৰ উপদেষ্টা হিচাপে আছে বিশিষ্ট সাহিত্যিক ইছমাইল হোছেইন, হৰপ্ৰিয়া বাৰুকীয়াল বৰগোহাঞি আৰু অৰুণ বৰুৱা। dapunjibonor.con ৰ সম্পাদক জিতুল বৰা আৰু সহযোগী সম্পাদক সঞ্জয় ৰবিদাসে জনাই যে, কেইবাদশক ধৰি সাহিত্য ক্ষেত্ৰখনত প্ৰবীৰ ভট্টাচাৰ্য ই অৰিহনা যোগাই আহিছে আমি তেখেতক ৰাইজৰ মাজত চিনাকি কৰাই দিব হৈছোঁ। তেখেতে তিনিখন গ্ৰন্থ লিখাৰ উপৰিও দুখন গ্ৰন্থ প্ৰকাশৰ পথত। অসম সাহিত্য সভাৰ আজীৱন সভ্য প্ৰবীৰ ভট্টাচাৰ্য এজন নাম থকা জ্যোতিষীৰ উপৰিও বিভিন্ন সামাজিক কাম কাজত জড়িত। অসমৰ এজন পঞ্জীয়ন ভূক্ত জ্যোতিষী। যোৰহাট দহাবড়া চুকত তেখেতৰ ঘৰ অৱস্থিত। বহুতো দুখীয়া ছাত্ৰ-ছাত্ৰীক তেখেতে পঢ়া শুনাত সহায় কৰিছে। উল্লেখযোগ্য যে, যোৱা ১ বহাগত অসম সাহিত্য সভাই নিজৰ দিন উপলক্ষে প্ৰবীৰ ভট্টাচাৰ্যক এখনি সম্বৰ্ধনা পত্ৰ, কিতাপৰ টোপোলা আৰু ফুলাম গামোচাৰে সম্বৰ্ধনা জনাইছিল। অসম সাহিত্য সভাৰ হৈ সম্বৰ্ধনা জনাই ৰজাবাৰী শাখা সাহিত্য সভাৰ সভাপতি পংকজ শইকীয়া আৰু সম্পাদক জিতুল বৰাই। প্ৰায় চাৰি কুৰি বসন্ত পাৰ কৰা ভট্টাচাৰ্য আজিও যেন এজন চফল ডেকা। তেখেতৰ কৰ্মৰাজী আৰু সামাজিক দায়বদ্ধতাক লৈ যোৰহাটবাসীয়ে গৌৰৱ অনুভৱ কৰে। দাপোণ আলোচনীয়েও তেখেতৰ কৰ্মৰাজীক পৰিচয় কৰাৰ প্ৰয়াস কৰিছে। প্ৰবীৰ ভট্টাচাৰ্যৰ এনে সফলতাত বিভিন্ন দল, সংগঠনে শুভেচ্ছা জনাইছে।
যোৰহাটৰ প্ৰবীৰ ভট্টাচাৰ্য্যক দাপোণ জীৱনৰ ৱেব আলোচনীৰ সম্বৰ্ধনা
