যোৰহাটত উপস্থিত ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মু, উষ্ম আদৰণি ৰাজ্যপাল-মুখ্যমন্ত্ৰীৰ

তিনিদিনীয়া ভ্ৰমণ সূচীৰে অসমত উপস্থিত দেশৰ ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মু।

যোৰহাট বিমান বন্দৰত ৰাষ্ট্ৰপতিগৰাকীক উষ্ম আদৰণি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু ৰাজ্যপাল গুলাব চান্দ কাটাৰিয়াৰ।

উল্লেখ্য যে, কাজিৰঙা গজ উৎসৱত মুখ্য অতিথিৰূপে অংশ ল’ব ৰাষ্ট্ৰপতি মুৰ্মুৱে।

ইয়াৰ লগতে তেওঁ এই ভ্ৰমণকালতে গুৱাহাটীত মিছন মাউণ্ট কাঞ্চনজংঘা-২০২৩ৰো উদ্বোধন কৰিব।

তদুপৰি ৰাষ্ট্ৰপতিগৰাকীয়ে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ ৭৫ বৰ্ষপুতি উপলক্ষ্যে আয়োজন কৰা অনুষ্ঠানতো শোভা বৰ্ধন কৰিব।

এই অনুষ্ঠানত ৰাষ্ট্ৰপতিৰ উপৰিও উপস্থিত থাকিব ভাৰতৰ মুখ্য ন্যায়াধীশ ডি ৱাই চন্দ্ৰচুড়, গুৱাহাটী উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ সন্দীপ কাটাৰিয়া, কেন্দ্ৰীয় আইন মন্ত্ৰী কিৰেন ৰিজিজু, অসমৰ ৰাজ্যপাল গুলাব চান্দ কাটাৰিয়া আৰু মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা।

By editor

Leave a Reply

Your email address will not be published. Required fields are marked *