মধ্য প্ৰদেশত এজন দলিতৰ ওপৰত ‘বিজেপি কৰ্মী’ প্ৰস্ৰাৱ কৰাৰ অভিযোগৰ মাজতে ভাইৰেল হৈ পৰিছে আন এক ভিডিঅ’। এইজনো মধ্যপ্ৰদেশৰ। গ্ৱালিয়ৰত এজন ব্যক্তিয়ে নিজৰ জোতা চেলেকি থকা দেখা গ’ল! এখন চলন্ত গাড়ীৰ ভিতৰত এই ঘটনাৰ ভিডিঅ’ক কেন্দ্ৰ কৰি এক নতুন বিতৰ্কৰ সৃষ্টি হৈছে। ইতিমধ্যে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে দুজন লোকক।
সেই ভিডিঅ’টোত ঠিক কি দেখা গৈছে? তাত এজন ব্যক্তিয়ে আন এজনক মাৰপিট আৰু গালি-গালাজ কৰা দেখা গৈছিল। লগতে অভিযুক্তই অবিৰতভাৱে চৰ মাৰি থকা দেখা গৈছে। আন এটা ভিডিঅ’ ভাইৰেল হৈছে, য’ত অভিযুক্তই ভুক্তভোগীক জোতাৰে আঘাত কৰা দেখা গৈছে। জোতাযোৰ চেলেকি থকাও দেখা গ’ল। ভিডিঅ’ক কেন্দ্ৰ কৰি সমালোচনাৰ ধুমুহা নেট জগতত। আৰক্ষীয়ে জনোৱা মতে, ভিডিঅ’টো ফৰেনছিক তদন্তৰ বাবে প্ৰেৰণ কৰা হৈছে। ইতিমধ্যে ভুক্তভোগীৰ পৰিয়ালৰ অভিযোগৰ ভিত্তিত অপহৰণ আৰু ধৰ্ষণৰ গোচৰ ৰুজু কৰা হৈছে।
মন কৰিবলগীয়া যে মধ্যপ্ৰদেশৰ এজন জনজাতীয় যুৱকৰ মুখত প্ৰস্ৰাৱ কৰা ‘বিজেপি কৰ্মী’ৰ ভিডিঅ’ বিগত কিছুদিন ধৰি ভাইৰেল হৈ পৰিছে। প্ৰবেশ শুক্লা নামৰ অভিযুক্তকো গ্ৰেপ্তাৰ কৰা হৈছে। ইফালে মুখ্যমন্ত্রী শিৱৰাজ সিং চৌহানে ভুক্তভোগীৰ ভৰি ধুই ক্ষমা বিচাৰিছে৷ দলিত যুৱকে শিৱৰাজক সাক্ষাৎ কৰাৰ পিছদিনা অভিযুক্তক মুক্তিৰ দাবী জনায়।