মৰ্মান্তিক! ট্ৰেইলাৰ-চাৰিচকীয়াৰ ভয়ংকৰ সংঘৰ্ষত শিশুসহ মৃত্যু ৫ জনৰ

ৰাজস্থানত শোকাবহ পথ দুৰ্ঘটনা।

মন্দিৰলৈ যোৱাৰ সময়তে ট্ৰেইলাৰ ট্ৰাকৰ সৈতে ভয়ংকৰ সংঘৰ্ষত মৃত্যু ৫ জনকৈ লোকৰ।

ৰাজস্থানৰ বাৰমেৰ-জয়ছালমেৰৰ ৬৮নং ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত হয় এই লোমহৰ্ষক দুৰ্ঘটনা।

জানিব পৰা মতে, এটা পৰিয়ালে যা্ত্ৰা কৰা বাহনখনে বাৰমেৰ জিলা ধোৰিমানা এলেকাত এখন ট্ৰেইলাৰৰ সৈতে সংঘৰ্ষ ঘটাত ৫ জনৰ থিতাতে মৃত্যু ঘটাৰ বিপৰীতে এজন আহত হয়।

নিহত সকলক ধনৰাজ (৪৫), স্বৰাঞ্জলি (৫), প্ৰশান্ত (৫), ভাগ্যলক্ষ্মী (১) আৰু গায়ত্ৰী (২৬) বুলি চিনাক্ত কৰা হৈছে।

নিহত আটাইকেইজন মহাৰাষ্ট্ৰৰ ভালগাঁৱৰ বাসিন্দা আৰু জয়ছলমেৰ অভিমুখে গৈ থকা সময়তে এই দুৰ্ঘটনা সংঘটিত হয়।

By editor

Leave a Reply

Your email address will not be published. Required fields are marked *