মৰ্মান্তিক! উপদ্ৰৱী হাতীৰ জাক খেদিবলৈ গৈ প্ৰাণ গ’ল বন বিষয়াৰ, আহত ৩ জন

যোৰহাট জিলাত বন্যহস্তীৰ আক্ৰমণত বন বিভাগৰ এজন বিষয়া নিহত হোৱাৰ লগতে আন তিনিজন গুৰুতৰভাৱে আহত হয়।

নিহত বন বিষয়াগৰাকী মৰিয়নী ফৰেষ্ট ৰেঞ্জত কৰ্তব্যৰত অতুল কলিতা বুলি চিনাক্ত কৰা হৈছে। তিতাবৰৰ বিজয় নগৰত বৃহস্পতিবাৰে গভীৰ নিশা বনকৰ্মীৰ এটা দলে এটা সন্ত্ৰাস সৃষ্টিকাৰী হাতীৰ জাকক খেদি পঠিয়াবলৈ চেষ্টা কৰাৰ সময়তে সংঘটিত হয় এই ঘটনা।

খবৰ পোৱা গৈছে যে বনকৰ্মীসকলৰ বাবে পৰ্যাপ্ত অস্ত্ৰ-শস্ত্ৰ আৰু সা-সৰঞ্জামৰ অভাৱৰ বাবেই এই মৰ্মান্তিক ঘটনা সংঘটিত হয়।

ৰাজীৱ বুঢ়াগোহাঁই, পৰাগজ্যোতি দত্ত আৰু গিৰেণ মহন্ত নামৰ আন তিনিজন বনকৰ্মী এই ঘটনাত আহত হয়। ইয়াত আহতসকলক মৰিয়নী বন বিভাগৰ কাৰ্যালয়লৈ আনি চিকিৎসালয়লৈ প্ৰেৰণ কৰাৰ ব্যৱস্থা কৰা হৈছিল।

কিন্তু দুৰ্ভাগ্যজনকভাৱে বিভাগটোত আহতসকলক কঢ়িয়াই নিব পৰাকৈ পৰ্যাপ্ত বাহনৰ সুবিধা নাছিল। সাংবাদিকৰ গাড়ীৰে আহতসকলক চিকিৎসালয়লৈ লৈ যোৱাত চিকিৎসকে অতুল কলিতাক মৃত বুলি ঘোষণা কৰাৰ লগতে আন আহতসকলক চিকিৎসাৰ বাবে ভৰ্তি কৰোৱা হয়। বনকৰ্মীজনৰ মৃত্যুৰ বাবে অঞ্চলটোত শোকৰ ছাঁ পৰিছে।

By Pankaj

Leave a Reply

Your email address will not be published. Required fields are marked *