মৰাণ পৌৰসভাৰ ফলাফল

চৰাইদেউ জিলা মৰাণ পৌৰসভাৰ ১১ টা ৱাৰ্ডৰ ফলাফল।

ঘোষিত ফলাফল অনুসৰি মৰাণত ১ নং ৱাৰ্ডত মৌচুমী দুৱৰা (বিজেপি) ২৬১ টা আৰু জয়ন্তী ফুকন চেতিয়া (কংগ্ৰেছ) ১৪৬ টা ভোট লাভ কৰে । ২ নং ৱাৰ্ডত অৰূপ দত্ত (বিজেপি) ই ৪৫৩ টা ভোট লাভ কৰাৰ বিপৰীতে প্ৰিয়ংকা বিশ্বাস ধৰে (কংগ্ৰেছ ) ১৬০ টা ভোট লাভ কৰে ।

৩ নং ৱাৰ্ডত সুনেইনা শ্বাহ (বিজেপি) ২৪৪ টা আৰু আশা চাহু (কংগ্ৰেছ) ২৪০ টা ভোট লাভ কৰে । ৪ নং ৱাৰ্ডত উদয় শংকৰ গগৈ (বিজেপি) ৪৪৫ টা আৰু হৰ্ষবৰ্ধন বৰগোঁহাই (জাতীয় পৰিষদ) ১২২ টা ভোট লাভ কৰে । ৫ নং ৱাৰ্ডত পুৱালী বৰগোঁহাই গগৈ (বিজেপি) ১২০ টা আৰু পৰীস্মিতা ৰাজখোৱা (কংগ্ৰেছ) ৫৩ টা ভোট লাভ কৰে ।

৬ নং ৱাৰ্ডত হিৰামণি গোস্বামী (বিজেপি) ৩৪৩ টা আৰু বিজুলী গগৈ (কংগ্ৰেছ) ১৮৫ টা ভোট লাভ কৰে । ৭ নং ৱাৰ্ডত চিত্রা মণ্ডল (বিজেপি) ১৮৮ আৰু জুলি চেতিয়া (কংগ্ৰেছ) ১৬ টা ভোট লাভ কৰে । ৮ নং ৱাৰ্ডত অলি বৰা দত্ত (বিজেপি) ১৩৪ টা আৰু ৰাচনা বৰুৱা ফুকন (কংগ্ৰেছ) ১৪৯ টা ভোট লাভ কৰে ।

৯ নং ৱাৰ্ডত চন্দ্ৰ শেখৰ চেতিয়া (বিজেপি) ১১৮ টা আৰু ৰুমী গোহাঁই (কংগ্ৰেছ) ৩৩ টা ভোট লাভ কৰে । ১০ নং ৱাৰ্ডত মুনমী চাংমাই (বিজেপি) ৪৮ আৰু অৰবিন্দ চেতিয়া (জাতীয় পৰিষদ) ৭ টা ভোট লাভ কৰে । ১১ নং ৱাৰ্ডত ইন্দ্ৰজিত ফুকন (অগপ) ১৩৮ টা আৰু চালিমা খাতুন (কংগ্ৰেছ) ৫৪ টা ভোট লাভ কৰে ।

By editor

Leave a Reply

Your email address will not be published. Required fields are marked *