মে’ মাহৰ শেষত ঘোষণা কৰা হ’ব মেট্ৰিক পৰীক্ষাৰ ফলাফলঃ জনালে মুখ্যমন্ত্ৰীয়ে

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই উল্লেখ কৰে যে ২০২৩ চনৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ বহু প্ৰত্যাশিত ফলাফল মে’ৰ শেষৰ ফালে ঘোষণা কৰা হ’ব।

দেওবাৰে সংবাদ মাধ্যমক অৱগত কৰি মুখ্যমন্ত্ৰী শৰ্মাই কয় যে, “এই বছৰৰ মে’ মাহৰ শেষৰ ফালে এইচ এছ এল চিৰ ফলাফল ঘোষণা কৰাৰ বাবে মাধ্যমিক শিক্ষা ব’ৰ্ড অসমে সকলো ব্যৱস্থা গ্ৰহণ কৰিছে।”

উল্লেখযোগ্য যে ফলাফলসমূহ অফিচিয়েল ৱেবছাইট- sebaonline.org ত প্ৰকাশ কৰা হ’ব।

আনহাতে, মুখ্যমন্ত্ৰী শৰ্মাই কয় যে স্বাস্থ্য বিভাগৰ চতুৰ্থ শ্ৰেণীৰ পদৰ ফলাফল অহা ১৬ মে’ত (মঙলবাৰ) ঘোষণা কৰা হ’ব। একেটাৰ বাবে নিযুক্তি পত্ৰ অহা ২৬ মে’ত গুৱাহাটীৰ খানাপাৰা ফিল্ডত বিতৰণ কৰা হ’ব।

ৰাজ্যৰ বিভিন্ন পৰীক্ষা কেন্দ্ৰত প্ৰশ্নকাকত ফাদিলৰ ঘটনা সংঘটিত হোৱাৰ পাছত কেইবাটাও বিতৰ্কৰ মাজতে চলিত বৰ্ষৰ এইচ এছ এল চি পৰীক্ষা অনুষ্ঠিত হয়।

৩ মাৰ্চৰ পৰা আৰম্ভ হোৱা এইচ এছ এল চিৰ পৰীক্ষা ২০ মাৰ্চত শেষ হোৱাৰ কথা আছিল যদিও প্ৰশ্নকাকত ফাদিলৰ কাণ্ডৰ পিছত পৰীক্ষাৰ সময়সীমা পুনৰ নিৰ্ধাৰণ কৰাৰ বাবে পৰীক্ষা ১ এপ্ৰিললৈ বৃদ্ধি কৰা হয়।

By editor

Leave a Reply

Your email address will not be published. Required fields are marked *