মুখ্যমন্ত্ৰীৰ সাহাৰ্য পুজিলৈ অসম কলেজ শিক্ষক সংস্হাৰ ১০ লাখ টকা অনুদান আৰ ২৫ খন গ্ৰন্হ প্ৰদান

বিগত সময়চোৱাত অসমত হোৱা বানপানীয়ে অসমৰ প্ৰায় ৪০ লাখ লোকক সৰ্বস্বান্ত কৰিলে। বৰ্তমান সময়তো যথেষ্ঠ সংখ্যক লোক মাঠাউৰিতে থকা পৰিলক্ষিত হৈছে। এনে পৰিস্হিতিৰ কিছুপৰিমানে হলেও মোকাবিলা কৰিবৰ বাবে অসম কলেজ শিক্ষক সংস্হাই মুখ্যমন্ত্ৰীৰ সাহাৰ্য পুজিলৈ ১০ লাখ টকাৰ অনুদান আগবঢ়াইছে। যোৱা ২৮ জুলাই তাৰিখে মুখ্যমন্ত্ৰীৰ কাৰ্যলয়ত অসম কলেজ শিক্ষক সংস্হাৰ সভাপতি হিমাংশু মৰল আৰু সম্পাদক ড. জয়ন্ত বৰুৱাৰ নেতৃত্বত যোৱা এটা সজাতি দলে মুখ্যমন্ত্ৰী মহোদয়ক এই চেক প্ৰদান কৰে।লগতে যোৱা ১৩ মে তাৰিখে মুখ্যমন্ত্ৰী কাৰ্যলয়ৰ পুথিভড়ালৰ বাবে অসম কলেজ শিক্ষক সংস্হাৰ দ্বাৰা প্ৰকাশিত কিতাপৰ অনুদান বিচাৰি কৰা অনুৰোধৰ প্ৰতি সন্মান জনাই অসম কলেজ শিক্ষক সংস্হাৰ দ্বাৰা প্ৰকাশিত মুঠ ২৫ খন গ্ৰন্হ মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ হাতত অৰ্পন কৰা হয়।

By editor

Leave a Reply

Your email address will not be published. Required fields are marked *