মিণ্ডা কৰ্পৰেচনে এতিয়ালৈকে সৰ্বাধিক ১,১৯৬ কোটি টকাৰ ত্ৰৈমাসিক ৰাজহ অৰ্জন কৰিছে

স্পাৰ্ক মিণ্ডাৰ ধ্বজাবাহী প্ৰতিষ্ঠান মিণ্ডা কৰ্পৰেচন লিমিটেডে ২০২৩ চনৰ ৩০ ছেপ্টেম্বৰত সমাপ্ত হোৱা দ্বিতীয় ত্ৰৈমাসিক আৰু আধা বৰ্ষৰ বিত্তীয় ফলাফল প্ৰকাশ কৰিছে। শক্তিশালী ঘৰুৱা চাহিদা, প্ৰধান গ্ৰাহকৰ সৈতে ব্যৱসায়িক অংশীদাৰিত্ব বৃদ্ধি আৰু পণ্যৰ প্ৰিমিয়ামকৰণৰ দ্বাৰা চালিত হৈ মিণ্ডা কৰ্পৰেচনে Q2FY24ত ১,১৯৬ কোটি টকাৰ ৭% প্ৰতি বছৰ বৃদ্ধিৰে একত্ৰিত ৰাজহ প্ৰতিবেদিত কৰিছে।

ভূ-ৰাজনৈতিক(জিঅ’ পলিটিকেল) সমস্যা থকা স্বত্বেও শক্তিশালী ৰূপত ৰপ্তানি হৈ আছিল। তিনিমাহৰ বাবে ইবিআইটিডিএ আছিল ১৩১ কোটি টকা, যাৰ ১১.০% বৃদ্ধিৰ মাৰ্জিন আছিল ১৮ বিপিএছ আৰু কৰ(পিএটি)ৰ পিছত লাভ আছিল ৫৯ কোটি টকা। এই ফলাফল সন্দৰ্ভত মন্তব্য কৰি গ্ৰুপৰ অধ্যক্ষ তথা মুখ্য কাৰ্যবাহী বিষয়া অশোক মিণ্ডাই কয় যে, “আমি আগবাঢ়ি যোৱাৰ লগে লগে আমি নতুন আৰু প্ৰযুক্তিগতভাৱে উন্নত সামগ্ৰী প্ৰদান কৰি আমাৰ গ্ৰাহকসকলক আনন্দিত কৰাৰ বাবে প্ৰতিশ্ৰুতিবদ্ধ হৈ আছোঁ; আমাৰ কৰ্মচাৰীসকলক বিকাশৰ সুযোগ প্ৰদান কৰা আৰু আমাৰ অংশীদাৰসকলৰ বাবে দীৰ্ঘম্যাদী মূল্য সৃষ্টি কৰাই হৈছে আমাৰ প্ৰধান লক্ষ্য।”

প্ৰতিষ্ঠানটোৱে H1FY24 ত ৬,৫০০ কোটিতকৈ অধিক লাইফটাইম অৰ্ডাৰ লাভ কৰিছে, য’ত ইলেক্ট্ৰিক বাহন (ইভি)ৰ অৰ্ডাৰ ৩০%তকৈ অধিক। কোম্পানীটোয়ে একাধিক কৌশলগত অৰ্ডাৰ লাভকে ধৰি বৰ্তমানৰ আৰু নতুন প্ৰযুক্তিৰ সামগ্ৰীসমূহৰ মাজত মাৰ্কি অৰ্ডাৰ নিশ্চিত কৰিছিল।

By Business Bureau

Leave a Reply

Your email address will not be published. Required fields are marked *