মিজোৰামৰ লংটলাই জিলাত বাংলাদেশৰ বিদ্ৰোহী সংগঠন কুকি-চিন নেচনেল আৰ্মি (কেচিএনএ)ৰ এজন উগ্ৰপন্থীক আটক কৰিছে আছাম ৰাইফলছে।
বিবৃতি অনুসৰি, ফালিয়ানছাং বাউম নামৰ ২৯ বছৰীয়া উগ্ৰপন্থীজনে কিছুদিন বুংটলাং গাঁৱৰ এটা ঘৰত থকা বুলি অভিযোগ উত্থাপন হৈছে।
এক গোপন সূত্ৰৰ ভিত্তিত অভিযান চলাই আছাম ৰাইফলছে ঘৰটোৰ পৰা উগ্ৰপন্থীজনক গ্ৰেপ্তাৰ কৰে। পিছত তেওঁক অধিক তদন্তৰ বাবে ৰাজ্য আৰক্ষীক গতাই দিয়ে।
ইয়াৰ পূৰ্বে ১০ মাৰ্চত আছাম ৰাইফলছে একেখন জিলাৰ হমুন্নুৱাম গাঁৱত কেচিএনএৰ আন এজন উগ্ৰপন্থীকো আটক কৰিছিল।
খবৰ অনুসৰি বাংলাদেশ সেনাই কেচিএনএৰ বিৰুদ্ধে কৰা অত্যাচাৰক লৈ ক্ষোভিত হৈ দেশখনৰ চিট্টগং হিল ট্ৰেক্টছৰ (চিএইচটি) ৫০০ৰো অধিক লোকে লংটলাই জিলাত আশ্ৰয় লৈছে।
উল্লেখযোগ্য যে মিজোসকলৰ সৈতে জাতিগত সম্পৰ্ক থকা কুকি-চিন শৰণাৰ্থীৰ প্ৰথমটো গোট যোৱা বছৰৰ ফেব্ৰুৱাৰী মাহত উত্তৰ-পূব ৰাজ্যখনত প্ৰৱেশ কৰিছিল।