মানৱ-হাতী সংঘাত বাবে আৰণ্যক আৰু ব্ৰিটিছ এছিয়ান ট্ৰাষ্টে ব্যাপক ততপৰতা আৰম্ভ

অসমৰ গোৱালপাৰা আৰু মেঘালয়ৰ পশ্চিম গাৰো পাহাৰ জিলাত মানৱ-হাতী সংঘাত প্ৰশমন আৰু সহাৱস্থানক উদগনি যোগোৱাৰ বাবে লোৱা পদক্ষেপৰ অংশ হিচাপে প্ৰস্তুত কৰা কাৰ্যসূচী ৰুপায়ণ ক্ষীপ্ৰতৰ কৰিবলৈ স্থানীয় লোক আৰু অন্যান্য অংশীদাৰসকলৰ সমৰ্থন আদায়ৰ অৰ্থে জৈৱ বৈচিত্ৰ্য সংৰক্ষণ সংস্থা আৰণ্যক আৰু ব্ৰিটিছ এছিয়ান ট্ৰাষ্টে ব্যাপক ততপৰতা আৰম্ভ কৰিছে ।

ডাৰউইন ইনিচিয়েটিভে পৃষ্ঠপোষকতা কৰা এই প্ৰকল্পৰ অধীনত সংস্থাটোৱে মেঘালয়ৰ পশ্চিম গাৰো পাহাৰ জিলাৰ বড়োগোবাল গাঁওত অলপতে অনুষ্ঠিত এখন প্ৰশিক্ষণ কৰ্মশালাত গাওঁবাসীক সৌৰশক্তিচালিত বেৰা স্থাপন আৰু পৰিচালনাৰ প্ৰশিক্ষণ দিযে । ১৮ নৱেম্বৰৰ পৰা দুদিনীয়াকৈ অনুষ্ঠিত এই কৰ্মশালাত ১৭ গৰাকী মহিলা আৰু ৰেপিড ৰেচপন্স ইউনিট (আৰ আৰ ইউ)ৰ সদস্য, গাঁও চেম্পিয়ন আৰু গাঁওবুঢ়াকে ধৰি ৩৭ জন গাওঁবাসীয়ে অংশগ্ৰহণ কৰে।

জ্যেষ্ঠ বিষয়া অঞ্জন বৰুৱাৰ নেতৃত্বত আৰণ্যকৰ সমল দলটোৱে অংশগ্ৰহণকাৰীসকলক সৌৰ বেৰাৰ ধাৰণা, ইয়াৰ বিভিন্ন প্ৰকাৰ আৰু বিভিন্ন উপাদান, সহাৱস্থানক উদগনি যোগোৱাৰ বাবে মানৱ-হস্তীৰ সংঘাত প্ৰশমনত ইয়াৰ উপযোগিতাৰ লগতে সৌৰ বেৰাৰ সৈতে বিভিন্ন সঁজুলি আৰু যন্ত্ৰপাতিৰ সংযুক্ত কৰাৰ বিষয়ে ব্যাখ্যা কৰে । কৰ্মশালাৰ দ্বিতীয় দিনা সমল দলটোৰ নিৰ্দেশনাত স্থানীয় লোকসকলক সৌৰ বেৰা স্থাপনৰ ব্যৱহাৰিক প্ৰশিক্ষণ দিয়া হয় ।

ইয়াৰ পূৰ্বে প্ৰশমন ব্যৱস্থা কাৰ্যকৰী কৰাৰ পূৰ্ব প্ৰস্তুতি হিচাপে আৰণ্যকে বড়োগোবাল গাঁৱত ৰেপিড ৰেচপন্স ইউনিট (আৰ আৰ ইউ) গঠন কৰে । বড়োবাক্ৰা, কলিতাপাৰা, হাতোগাওঁ, মোথাপাৰা, বেলগুৰি আদিকে ধৰি পশ্চিম গাৰো পাহাৰৰ বিভিন্ন চুবুৰীয়া গাঁও আৰু অসমৰ সীমান্তৱৰ্তী কেইখনমান গাঁৱৰ ৩০ জন অংশগ্ৰহণকাৰীক লৈ গঠন কৰা এইটো অঞ্চলটোৰ প্ৰথমটো আৰ আৰ ইউ। সেই অঞ্চলত মান্ৱ-হাতী সংঘাত হ্ৰাস কৰাৰ উদ্দেশ্যে গাঁওবাসীক সজাগ কৰাৰ বাবে বন্যহস্তীৰ গতিবিধিৰ তথ্য দ্ৰুতভাৱে প্ৰেৰণৰ বাবে আৰ আৰ ইউৰ সদস্যসকলৰ এটা হোৱাটছএপ গ্ৰুপ গঠন কৰা হৈছে ।

By editor

Leave a Reply

Your email address will not be published. Required fields are marked *