মানৱ অধিকাৰ সংগ্ৰাম সমিতিৰ শ্বহীদ সাংবাদিক পৰাগ কুমাৰ দাসক স্মৰণ

মানৱ অধিকাৰ সংগ্ৰাম সমিতি চমুকৈ মাছৰ উদ্যোগত জাতীয় বীৰ শ্বহীদ, নিৰ্ভিক সাংবাদিক মাছৰ প্ৰতিষ্ঠাপক সচিব প্ৰধান পৰাগ কুমাৰ দাসৰ মৃত্যু তিথিটো বুধবাৰে গুৱাহাটী প্ৰেছ ক্লাৱ প্ৰেক্ষাগৃহত শ্বহীদ দিৱস হিচাপে পালন কৰা হয়৷ পৰাগ কুমাৰ দাসৰ লগতে মাছৰ সকলো শ্বহীদলৈ গভীৰ শ্ৰদ্ধা নিবেদন কৰে৷ শ্বহীদ দিৱসৰ লগত সংগতি ৰাখি আয়োজন কৰা পৰাগ স্মৰন সভাখন আনুষ্ঠানিক ভাৱে উদ্ধোধন কৰে বিশিষ্ট মানৱ অধিকাৰ কৰ্মী লাচিত বৰদলৈয়ে৷ সভাত মূখ্য অতিথিৰ ভাষন প্ৰদান কৰি বিশিষ্ট চিন্তাবিদ, বুদ্ধিজীৱী ড° হীৰেন গোহাইয়ে সাম্প্ৰতিক নৈৰাজ্যৰ পৰিবেশৰ অন্ত পেলাবলৈ এক শক্তিশালী গনতান্ত্ৰিক সংগ্ৰাম গঢ়ি তুলিবলৈ বিভিন্ন পক্ষলৈ আহ্বান জনায়। শক্তিমান ভাৰত ৰাষ্ট্ৰক বশ কৰিবলৈ গনতান্ত্ৰিক সংগ্ৰামৰ বিকল্প নাই৷ ভাষনত তেওঁ জাতীয় অৰ্থনীতিৰ ভেটি শক্তিশালী কৰি তুলিবলৈ প্ৰয়াত পৰাগ কুমাৰ দাসে চিন্তা কৰা এক জাতীয় অৰ্থনৈতিক পুজি গঢ়ি তোলা বিষয়টো পুনৰ চিন্তা কৰা উচিত বুলি দোহাৰে৷ প্ৰসংগত হীৰেন গোহাঁইয়ে কয় পৰাগ দাসৰ পুৰ্ণাংগ দিশখিনি সামৰি এখন তথ্যভিত্তিক জীৱনী আজিলৈ নোলাল। যিটো সচাকৈয়ে চিন্তনীয় বিষয়৷ গতিকে আমি পৰাগ দাসৰ আদৰ্শ কঢ়িয়াই নিব লাগিব। কিয়নো ৰাষ্ট্ৰৰ শোষণ আৰু বঞ্চনাৰ বিৰুদ্ধে মাত মতাৰ বাবেই পৰাগ কুমাৰ দাসক হত্যা কৰা হল। ভাষনত লগতে কয় ভাৰত ৰাষ্ট্ৰই বিভিন্ন সময়ত দমন চলাই আহিছে। বাকীটো বাদেই বহু সময়ত সেনা বাহিনীয়ে অত্যাচাৰ চলাই আহিছে। আনকি আলফা দমনৰ নামত ৰাষ্ট্ৰই বহু নিৰ্যাতন চলাইছে, এটা সময়ত বহু ডেকা লৰা ছোৱালী হত্যা কৰিলে। ৰাষ্ট্ৰৰ বিৰুদ্ধে অস্ত্ৰ লৈ যুজঁ দিয়াটো সহজ নহয়। চৰকাৰৰ দমন নীতিৰ বাবে আমি আজি ঘৰতে ভিক্ষাৰী হব লগা হৈছে। অসমৰ মন্ত্ৰী সভাখন হৈছে দালালৰ নিচিনা। দিল্লীৰ পৰা যিতো কৈছে তেওলোকে সেইটোৱেই কৰিছে। মন্ত্ৰী বিলাক হৈছে ধুৰন্ধৰ, স্বাৰ্থপৰ। যাৰবাবে অসমীয়া মানুহখিনি সমগ্ৰ ভাৰততে উপেক্ষিত হব লগা হৈছে৷ গতিকে আমি একেলগে সংগ্ৰাম কৰিব লাগিব। অস্ত্ৰৰ সংগ্ৰামৰ দ্বাৰা ৰাষ্ট্ৰক পৰাজিত কৰা সম্ভৱ নহয়৷ তেওঁ লগতে কয় পৰাগ কুমাৰ দাসৰ আদৰ্শ অনুধাৱন কৰিব লাগিব। সচিব প্ৰধান লক্ষীপ্ৰসাদ ডেকাই উদ্দেশ্য বাখ্যা কৰা সভাখন সঞ্চালনা কৰে অধ্যক্ষ আদিত্য লহকৰ আৰু মূখ্য উপদেষ্টা বুবুমনি গোস্বামীয়ে৷ সভাখনত আলফাৰ সাধাৰণ সম্পাদক অনুপ চেতীয়া, উপ সভাপতি প্ৰদীপ গগৈ, উচ্চ ন্যায়ালয়ৰ অধিবক্তা সত্যেন্দ্ৰপ্ৰসাদ ডেকা, পৰাগ কুমাৰ দাসৰ ভাতৃ পল্লৱ কুমাৰ দাস, গন অধিকাৰ কাকতৰ সম্পাদক চাহজাহন তালুকদাৰ উপস্থিত থাকি ভাষন আগবঢ়ায়৷ ইয়াৰ পূৰ্বে পুৱা ৮বজাত মাছৰ কেন্দ্ৰীয় কাৰ্যালয়ত পতাকা উত্তোলন কৰে অধ্যক্ষ আদিত্য লহকৰে৷ বন্তি প্ৰজ্বলন কৰে পৰাগ দাসৰ ভাতৃ ডাঃ জ্যোতি কুমাৰ দাসে৷ শ্বহীদ বেদীত পুস্পাঞ্জলী অৰ্পণ কৰে সচিব প্ৰধান লক্ষী প্ৰসাদ ডেকা, অধ্যক্ষ আদিত্য লহকৰ, উপাধ্যক্ষ লক্ষী ডেকা, সচিব ৰিতুল বৰুৱা, বিত্ত সচিব বোধেন বৰা, সাংগঠনিক সচিব বৈকুণ্ঠ হাজৰিকা আৰু ললিত বৰ্মনে৷ পুৱা ৯-৩০বজাত ৰাজগড়স্হিত শ্বহীদ গৰাকীৰ বেদীত অনুষ্ঠিত শ্ৰদ্ধাঞ্জলি অনুষ্ঠান মুকলি কৰে পৰাগ কুমাৰ দাসৰ সহধৰ্মিনী পূৰবী দাসে৷ উক্ত অনুষ্ঠানত মাছৰ প্ৰাক্তন অধ্যক্ষ তথা সাংসদ অজিত কুমাৰ ভূঞা, নেকিবুৰ জামান, অনুপ চেতিয়া, লাচিত বৰদলৈ, মনোৰম গগৈ, চাহজাহান তালুকদাৰ আদি ব্যক্তিয়ে বক্তব্য আগবঢ়ায়৷

By editor

Leave a Reply

Your email address will not be published. Required fields are marked *