মাতৃ-কন্যাক বলৎকাৰ কৰি হত্যা, ৪ বছৰ পাছত ন্যায়

গুজৰাটৰ সুৰত আদালতে ধৰ্ষণ আৰু হত্যা কাণ্ড সন্দৰ্ভত ৭ মাৰ্চত এক গুৰুত্বপূৰ্ণ শুনানি গ্ৰহণ কৰে। আদালতে পাণ্ডেশৰা চহৰত মাতৃ-কন্যাক ধৰ্ষণ কৰি হত্যা কৰাৰ অপৰাধত হৰ্ষ চাহাই ৰামৰাজ গুৰ্জৰ আৰু তেওঁৰ সহযোগী হৰিওম গুৰ্জাৰক দোষী সাব্যস্ত কৰে।

আদালতে হৰ্ষক ফাঁচী আৰু অন্য জনক আজীৱন কাৰাদণ্ড বিহে।

২০১৮ চনৰ এপ্ৰিল মাহত মহিলা আৰু তেওঁৰ কন্যা সন্তানক ধৰ্ষণ আৰু হত্যা কৰি পেলাই দিছিল জংঘলৰ মাজত। আৰক্ষীয়ে এক চিচিটিভি ফুটেজৰ জৰিয়তে তদন্তত সফলতা লাভ কৰিবলৈ সক্ষম হৈছিল আৰু অভিযুক্তক গ্ৰেপ্তাৰ কৰিছিল। গ্ৰেপ্তাৰ হোৱা অভিযুক্তই আৰক্ষীক জনাইছিল যে ৰাজস্থানৰ পৰা দুয়ো গৰাকী মাতৃ, কন্যাক কাম দিয়াৰ চলেৰে লৈ আহিছিল।

By editor

Leave a Reply

Your email address will not be published. Required fields are marked *