মহিন্দ্ৰা সাৰ্থি অভিযানে ট্ৰাক চালকৰ কন্যাসকলক প্ৰদান কৰে জলপানি

মহিন্দ্ৰা গ্ৰুপৰ এটা অংশ মহিন্দ্ৰা ট্ৰাক এণ্ড বাছ ডিভিজনে (এমটিবিডি) এই ড্ৰাইভাৰ্ছ ডে'(চালক দিৱস)ত মহিন্দ্ৰা সাৰ্থি অভিযানৰ জৰিয়তে ট্ৰাক চালকসকলৰ কন্যা সন্তানৰ বাবে বৃত্তি প্ৰদান কৰিব। প্ৰকল্প মহিন্দ্ৰা সাৰ্থি অভিযানে এই কিশোৰী বা ছাত্ৰীসকলৰ উচ্চ শিক্ষাৰ অধিকাৰক সমৰ্থন জনাই তেওঁলোকৰ জীৱন পৰিৱৰ্তনৰ দিশত এক ক্ষুদ্ৰ অৱদান আগবঢ়াবলৈ প্ৰতিশ্ৰুতিবদ্ধ।

আগশাৰীৰ বাণিজ্যিক বাহন নিৰ্মাতা মহিন্দ্ৰাই ট্ৰাক চালকসকলৰ কন্যাৰ বাবে এক বৃত্তি কাৰ্যসূচী আৰম্ভ কৰিছে, যি সমাজৰ প্ৰতি দায়বদ্ধতাৰ এক উল্লেখযোগ্য মাইলৰ খুঁটি চিহ্নিত কৰিছে। ২০১৪ চনত আৰম্ভ কৰা এই পদক্ষেপে ইতিমধ্যে ৮,৯২৮ গৰাকী যুৱতীক নিজৰ আকাংক্ষা পূৰণ কৰাত সহায় কৰিছে। প্ৰতিষ্ঠানটোৱে প্ৰতিগৰাকী নিৰ্বাচিত ছোৱালীক তেওঁলোকৰ কৃতিত্বৰ স্বীকৃতিস্বৰূপে ১০,০০ টকাৰ পোনপটীয়া বেংক ট্ৰেন্সফাৰ আৰু প্ৰমাণপত্ৰৰে সম্বৰ্ধনা জনোৱাৰ পৰিকল্পনা কৰিছে।

এই অনুষ্ঠানটো ২০২৪ৰ ফেব্ৰুৱাৰী-মাৰ্চত মহিন্দ্ৰা ট্ৰাক আৰু বাছ লীডাৰশ্বিপ ইণ্ডিয়াৰ দ্বাৰা নিৰ্বাচিত স্থানত আয়োজন কৰা হ’ব, এই অনুষ্ঠানত ট্ৰাক চালকৰ কন্যাক ১,১০০টা বৃত্তি প্ৰদান কৰা হ’ব। এই অনুষ্ঠানটোত ভাষণ প্ৰদান কৰি মহিন্দ্ৰা এণ্ড মহিন্দ্ৰা লিমিটেডৰ ব্যৱসায়িক মুৰব্বী জলজ গুপ্তাই কয়, “মহিন্দ্ৰা সাৰ্থি অভিযানক আমাৰ চালক আৰু অংশীদাৰসকলে উষ্মভাৱে আঁকোৱালি লৈছে, যুৱতীসকলক তেওঁলোকৰ সপোন পূৰণ কৰিবলৈ সক্ষম কৰাৰ বাবে ইয়াৰ কাৰ্যকৰীতা প্ৰদৰ্শন কৰিছে।”

By Business Bureau

Leave a Reply

Your email address will not be published. Required fields are marked *