মহানগৰীত ছাত্ৰীৰ মৃত্যু! এ কে কনষ্টাকশ্যনৰ সঞ্চালকক গ্ৰেপ্তাৰ আৰক্ষীৰ…

মহানগৰীৰ গণেশগুৰিত পথৰ ওপৰত খান্দি থোৱা গাঁতৰ বাবে এগৰাকী ছাত্ৰীৰ মৃত্যু ঘটাৰ পিছতে তৎপৰ হৈ পৰিছে মহানগৰ প্ৰশাসন।

গুৱাহাটী আৰক্ষীয়ে এ কে কনষ্ট্ৰাকশ্যন কোম্পানীৰ সঞ্চালকগৰাকীৰ বিৰুদ্ধে এফ আই আৰ দাখিল কৰাৰ কেইঘণ্টামান পিছতে শুকুৰবাৰে গ্ৰেপ্তাৰ কৰে।

বি বালাজী নামৰ সঞ্চালকজনক নাৰেংগীৰ কাৰ্যালয়ৰ পৰা গ্ৰেপ্তাৰ কৰা হয়।

আৰক্ষীৰ মতে, বালাজীক জেৰা কৰাৰ অন্তত তেওঁক আদালতত হাজিৰ কৰা হৈছে।

উল্লেখযোগ্য যে এ কে কনষ্ট্ৰাকশ্যন কোম্পানী এম ভেংকটেশ্বৰ ৰাওৰ। ইয়াক গুৱাহাটীত ব’ৰৱেল ঠিকাদাৰৰ অধীনত তালিকাভুক্ত কৰা হৈছে পানী যোগান প্ৰকল্পৰ বাবে ঠিকাদাৰী হৈ মহানগৰীৰ ১২টা স্থানত কাম কৰি আছে। অৱশ্যে জল ব’ৰ্ডে তেওঁলোকৰ কাম-কাজত কেইবাটাও অমিল লক্ষ্য কৰা বুলি সূত্ৰই প্ৰকাশ কৰিছে।

তদুপৰি নিৰ্মাণ কোম্পানীটোৱে পৰিবহণ বিভাগ আৰু ৰাজহুৱা কাম বিভাগৰ অনুমতি লোৱা নাছিল বুলিও প্ৰতিবেদনত দাবী কৰা হৈছে।

উল্লেখ কৰিব পাৰি যে, বৃহস্পতিবাৰে গুৱাহাটীৰ গণেশগুৰি অঞ্চলত সংঘটিত এক মৰ্মান্তিক দুৰ্ঘটনাত এগৰাকী ছাত্ৰীৰ মৃত্যু ঘটে। ইয়াৰ পিছতে গুৱাহাটী মহানগৰ খোৱাপানী আৰু নলা ব’ৰ্ডে কৰ্তব্যৰ প্ৰতি অৱহেলাৰ বাবে কামৰ অমিল লক্ষ্য কৰি এ কে কনষ্ট্ৰাকচন কোম্পানীৰ বিৰুদ্ধে এফআইআৰ দাখিল কৰে।

গুৱাহাটীত পাইপলাইন স্থাপনৰ বাবে JICA সমৰ্থিত পানী যোগান প্ৰকল্পৰ অধীনত কাম কৰাৰ ঠিকা দিয়া ঠিকাদাৰৰ ভিতৰত এ কে কনষ্ট্ৰাকচন কোম্পানী অন্যতম।

By Pankaj

Leave a Reply

Your email address will not be published. Required fields are marked *