মহানগৰীত চিটি বাছৰ দৌৰাত্ম্যই প্ৰাণ কাঢ়িলে সংবাদ কৰ্মীৰ, মৃত্যু মুস্তাক আলমৰ…

মহানগৰীত শোকাবহ দুৰ্ঘটনা।

বশিষ্ঠত চিটি বাছৰ দৌৰাত্ম্যই প্ৰাণ কাঢ়িলে এগৰাকী সংবাদকৰ্মীৰ।

স্কুটী আৰু চিটি বাছৰ সংঘৰ্ষত মৃত্যু সংবাদ কৰ্মী মুস্তাক আলমৰ।

গুৱাহাটীৰ এটা ৱেব পৰ্টেলৰ সংবাদ কৰ্মী আছিল মুস্তাক।

জানিব পৰা মতে, সংবাদ কৰ্মীগৰাকীয়ে পুৱা এএছ ০১ডিইউ ৫৬১২ নম্বৰৰ স্কুটীৰে কাৰ্যালয়লৈ গৈ থকা সময়তে পিছফালৰ পৰা খুন্দা মাৰে এএছ ০১এইচচি ৩৬৩৯ নম্বৰৰ তীব্ৰবেগী চিটি বাছখনে।

ইফালে এই ভয়ংকৰ দুৰ্ঘটনাত পথৰ ওপৰত উফৰি পৰা মুস্তাক আলমৰ মূৰৰ ওপৰেৰে উঠি যায় চিটি বাছখনৰ চকা।

যাৰ ফলত থিতাতে মৃত্যু ঘটে যুৱকজনৰ।

দুৰ্ঘটনাৰ পিছত আৰক্ষীয়ে আটক কৰে অভিযুক্ত বাছ চালকজনক।

By editor

Leave a Reply

Your email address will not be published. Required fields are marked *