মহাকাশত পুনৰ ইতিহাস ৰচিব ভাৰতে! ইছৰ’লৈ বৃহৎ অফাৰ NASAৰ

২০২৪ বৰ্ষটো ভাৰতৰ বাবে অতি শুভ হ’বলৈ গৈ আছে। মহাকাশৰ ক্ষেত্ৰত ভাৰতে পুনৰবাৰ ইতিহাস সৃষ্টি কৰিব পাৰে। আমেৰিকাৰ মহাকাশ সংস্থা নাছাই ইছৰ’ক এক বৃহৎ অফাৰ প্ৰদান কৰিছে। ভাৰতৰ মহাকাশ কেন্দ্ৰ নিৰ্মাণত সহযোগিতা আগবঢ়াবলৈ সাজু বুলি প্ৰকাশ কৰিছে নাছাই। মঙলবাৰে এই কথা কয় আমেৰিকাৰ মহাকাশ সংস্থা নাছাৰ প্ৰশাসক বিল নেলচনে।

নেলচনে কয় যে আমেৰিকা আৰু ভাৰতে অহা বছৰৰ শেষৰ ফালে এজন ভাৰতীয় মহাকাশচাৰীক আন্তঃৰাষ্ট্ৰীয় মহাকাশ কেন্দ্ৰ (আই এছ এছ)লৈ প্ৰেৰণ কৰাৰ পৰিকল্পনাত কাম কৰি আছে। মহাকাশচাৰীক নাছাই নিৰ্বাচন নকৰে বুলি নেলচনে কয়। ইয়াৰ বাছনি কেৱল ইছৰ’ই কৰিব। ভাৰত ভ্ৰমণলৈ অহা নেলচনে মঙলবাৰে বিজ্ঞান আৰু প্ৰযুক্তি মন্ত্ৰী জিতেন্দ্ৰ সিঙক সাক্ষাৎ কৰে।

এই সময়ছোৱাত দুয়োজনে মহাকাশৰ লগত জড়িত বিভিন্ন বিষয়ৰ ওপৰত গভীৰ আলোচনা কৰে। বাৰ্তালাপৰ সময়ত নাছাৰ প্ৰশাসক নেলচনে জিতেন্দ্ৰ সিঙক এই কাৰ্যসূচী ত্বৰান্বিত কৰিবলৈ আহ্বান জনায়। এটা প্ৰশ্নৰ উত্তৰত তেওঁ কয় যে ভাৰতৰ মহাকাশ কেন্দ্ৰ নিৰ্মাণত সহযোগিতা আগবঢ়াবলৈ আমেৰিকা সম্পূৰ্ণৰূপে সাজু। নেলচনে তেওঁৰ সমগ্ৰ প্ৰতিনিধি দলৰ সৈতে জিতেন্দ্ৰ সিঙৰ সৈতে কথা পাতিছিল।

নেলচনে কয় যে ভাৰততো এটা বাণিজ্যিক মহাকাশ কেন্দ্ৰ থাকিব বুলি আমি আশা কৰিছো। মই ভাবো ভাৰতে ২০৪০ চনৰ ভিতৰত এটা বাণিজ্যিক মহাকাশ কেন্দ্ৰ বিচাৰে। যদি ভাৰতে ইয়াক আমি সহযোগ কৰাটো বিচাৰে তেন্তে আমি ইয়াক নিশ্চিতভাৱে সহযোগ কৰিম। কিন্তু ভাৰতৰ ওপৰত নিৰ্ভৰ কৰে। উল্লেখ্য যে প্ৰধানমন্ত্ৰী মোদীয়ে ইছৰোক ২০৩৫ চনৰ ভিতৰত ভাৰতীয় মহাকাশ কেন্দ্ৰ নিৰ্মাণ কৰিবলৈ কৈছে আৰু ২০৪০ চনৰ ভিতৰত মহাকাশচাৰীক চন্দ্ৰত অৱতৰণ কৰাৰ লক্ষ্য লৈছে।

By editor

Leave a Reply

Your email address will not be published. Required fields are marked *