‘২০১৪ চনৰ পূৰ্বে এই সদনখনক গণতন্ত্ৰৰ মন্দিৰ বুলি কোৱা হৈছিল। কিন্তু এতিয়া সদন মন্দিৰ হৈ নাই, এতিয়া এয়া এজন বিশেষ সম্ৰাটৰ ৰাজদৰাবলৈ লাহে লাহে সলনি হৈছে।’ – সংসদৰ অধিৱেশনৰ সময়ত ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৰ অভিভাষণৰ ধন্যবাদ প্ৰস্তাৱৰ আলোচনাত সদনৰ মজিয়াত এয়া আছিল কলিয়াবৰ সমষ্টিৰ কংগ্ৰেছ বিধায়ক গৌৰৱ গগৈৰ ভাষ্য। গগৈয়ে কয়, “গণতন্ত্ৰৰ অন্ত পেলোৱাৰ লগতে ৰাজতন্ত্ৰৰ পৰম্পৰা প্ৰতিষ্ঠা কৰাৰ বাবে চৰকাৰে এক বিশেষ পৰিকল্পনা প্ৰস্তুত কৰিছে।”
কেন্দ্ৰীয় চৰকাৰে ‘ভ্ৰম’ৰ সৃষ্টি কৰি মূল বিষয়সমূহৰ পৰা জনসাধাৰণৰ দৃষ্টি আকৰ্ষণ কৰাৰ অভিযোগ উত্থাপন কৰি কংগ্ৰেছ সাংসদ গৌৰৱ গগৈয়ে শুকুৰবাৰে কয় যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ইমান উচ্চতাত নিজৰ সিংহাসন স্থাপন কৰিছে যে দেশৰ যুৱক-যুৱতী, দৰিদ্ৰ, মহিলা আৰু কৃষকৰ কণ্ঠ আজি তেওঁৰ কাণত নপৰে। অসমৰ সাংসদগৰাকীয়ে কয়, “প্ৰধানমন্ত্ৰী এটা সাধাৰণ পৰিয়ালৰ পৰা আজি বহু উচ্চতাত উপনীত হৈছে, সেয়া আমাৰ বাবেও ভাললগা কথা। কিন্তু তেওঁ আজি উচ্চতাত উপনীত হৈ সিংহাসনখন ইমান ওপৰত স্থাপন কৰিছে যে দেশৰ যুৱক-যুৱতী, দৰিদ্ৰ, মহিলা আৰু কৃষকৰ কণ্ঠ আজি তেওঁৰ কৰ্ণগোচৰ নহয়।”
বিজেপি চৰকাৰৰ ৰাজতন্ত্ৰ প্ৰতিষ্ঠাৰ অন্যতম উপায় ভ্ৰম বুলি দাবী কৰি গগৈয়ে কয়, “চৰকাৰে মানুহৰ সমস্যা ঢাকিবলৈ, তেওঁলোকক প্ৰতাৰণা কৰিবলৈ আৰু আৰু মূল সমস্যাৰ পৰা দৃষ্টি আঁতৰাবলৈ ভ্ৰমক অস্ত্ৰ হিচাপে ব্যৱহাৰ কৰিছে।”
কংগ্ৰেছ সাংসদগৰাকীয়ে লগতে কয় যে যেতিয়া বিৰোধীয়ে প্ৰধানমন্ত্ৰী মণিপুৰলৈ কিয় নাযালে বুলি সোধা হয়, তেতিয়া বিজেপিয়ে ‘জি-২০’ৰ সফলতাৰ কথা কয়। বিমুদ্ৰাকৰণত এশ জন লোকৰ মৃত্যুৰ বাবে কোন জগৰীয়া বুলি প্ৰশ্ন কৰিলে বিজেপিয়ে অন্য আলাপ আৰম্ভ কৰে।
গগৈয়ে কয়, “যেতিয়া আমি চীনৰ অতিক্ৰমণৰ কথা কও, তেতিয়া কোৱা হয় যে চাওক মালদ্বীপৰ তুলনাত আমাৰ ভাৰত কিমান শক্তিশালী। আদানীৰ কথা ক’লে ৰাহুল গান্ধীৰ সংসদ পদ নিলম্বন কৰা হয়। আমি যেতিয়া কৃষক, যুৱক-যুৱতী, মহিলাৰ সমস্যা আৰু অৰ্থনৈতিক বৈষম্যৰ কথা কওঁ, তেতিয়া চৰকাৰে কয় যে ভাৰত হৈছে আটাইতকৈ দ্ৰুতগতিত বৃদ্ধি পোৱা অৰ্থনীতি।”
গগৈয়ে দাবী কৰে যে সংসদীয় ইতিহাসত বহু প্ৰধানমন্ত্ৰী আছিল আৰু সকলোৱে সদনত উত্তৰ প্ৰদান কৰিছিল। কিন্তু যোৱা দহ বছৰৰ ভিতৰত বৰ্তমানৰ প্ৰধানমন্ত্ৰীয়ে কোনো প্ৰশ্নৰ উত্তৰ দিয়া নাই। তেওঁ লগতে কয়, “ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱে সংসদৰ অভিভাষণত কৈছিল যে এয়া তেওঁৰ নতুন সংসদ ভৱনত প্ৰথম অভিভাষণ। কিন্তু এয়া দুৰ্ভাগ্যজনক। এয়া তেওঁৰ প্ৰথম অভিভাষণ হ’ব নালাগিছিল, যদিহে ৰাষ্ট্ৰপতিক নতুন সংসদ ভৱনৰ উদ্বোধনী অনুষ্ঠানলৈ আমন্ত্ৰণ জনোৱা হ’লহেঁতেন।”
সদনৰ শেহতীয়া অধিৱেশনত বহু বিৰোধী সদস্যক নিলম্বন কৰাৰ কথা উল্লেখ কৰি তেওঁ কয় যে সংসদৰ ইতিহাসত ইমান বৃহৎ সংখ্যক সদস্যক কেতিয়াও এদিনতে নিলম্বন কৰা হোৱা নাছিল। সংসদত সংঘটিত আক্ৰমণ সন্দৰ্ভত গৃহমন্ত্ৰীৰ পৰা উত্তৰ বিচৰাৰ বাবেই ১৪৬ গৰাকী সাংসদত এদিনতে নিলম্বন কৰাটো বিশ্বৰ ভিতৰতে নজিৰবিহীন ঘটনা বুলি দাবী কৰে গৌৰৱ গগৈয়ে।
গগৈয়ে অভিযোগ কৰে যে চৰকাৰে দুৰ্নীতিৰ অন্ত পেলোৱা বুলি দাবী কৰিলেও এই চৰকাৰৰ আঁচনিৰ নামতো এতিয়া কৰ সংগ্ৰহ কৰা হৈছে। প্ৰধানমন্ত্ৰী কিষাণ নিধি, উজ্বলা যোজনা, প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ লাভ্যাৰ্থী হ’বলৈও এতিয়া আগতীয়াকৈ কৰ দিব লাগে বুলি দাবী কৰে গৌৰৱ গগৈয়ে। ইফালে ভাষণৰ মাজতে অসমৰ ৬ জনগোষ্ঠী- মৰাণ, মটক, আহোম, চুতীয়া, কোচ ৰাজবংশী আৰু আদিবাসীসকলৰ বাবে জনজাতিৰ মৰ্যাদা দাবী কৰে গৌৰৱ গগৈয়ে।
চৰকাৰৰ ওপৰত সাধাৰণ জনতাৰ আস্থা ভংগ হোৱা বুলি মন্তব্য কৰি গগৈয়ে কয় যে, জনসাধাৰণ এতিয়া সচেতন হৈ পৰিছে আৰু বিৰোধীয়ে ইয়াক আদৰণি জনাইছে। তেওঁ কয় যে স্বাধীনতা আন্দোলনটোও জনসাধাৰণৰ আছিল আৰু আজিও বিৰোধীয়ে আন্দোলনত প্ৰস্তৰ দৰে ৰাইজৰ সৈতে থিয় দিছে।
বিজেপিক ৱাশ্বিং মেছিন আখ্যা দি গৌৰৱ গগৈয়ে কয় যে বিৰোধী নেতাৰ বিৰুদ্ধে আয়কৰ বিভাগ, ইডি আৰু চিবিআইৰ অপব্যৱহাৰ কৰি ভয়-ভাবুকি প্ৰদান কৰা হৈছে। কিন্তু বিজেপিৰ সৈতে হাত মিলালেই মহাৰাষ্ট্ৰৰ উপ-মুখ্যমন্ত্ৰী বা অসমৰ মুখ্যমন্ত্ৰীৰ পদত বহুওৱা হৈছে। তেওঁ কয়, “বিজেপিয়ে যিমান আয়কৰ বিভাগ, ইডি, চিবিআই আমাৰ বিৰুদ্ধে লগালেও আমি ভয় নকৰো।” বিহাৰ আৰু ঝাৰখণ্ডৰ শেহতীয়া ৰাজনৈতিক পৰিঘটনাৰ কথা উল্লেখ কৰি তেওঁ দাবী কৰে যে যদি আমি চৰকাৰৰ বিৰুদ্ধে যুঁজ দিওঁ তেন্তে আমাক জেললৈ পঠিওৱা হয় আৰু যদি তেওঁলোকৰ সৈতে যোগ দিয়া হয়, তেন্তে উপ-মুখ্যমন্ত্ৰী, মুখ্যমন্ত্ৰীৰ দৰে পদ দিয়া হয়।
গগৈয়ে কয়, “আমি ভাৰতক একত্ৰিত কৰিম, ন্যায়ৰ বাবে যুঁজিম। আমি ঘৃণাৰ বজাৰত প্ৰেমৰ দোকান খুলিম। আমি অন্ধ্ৰ প্ৰদেশৰ বিশেষ মৰ্যাদাৰ বাবে যুঁজ দিম। জনজাতীয় মৰ্যাদা দাবী কৰা অসমৰ ছয় জনগোষ্ঠীৰ বাবে আমি যুঁজ দিম। আমি নাৰীৰ বাবে যুঁজ দিম। আমি ভাৰতৰ সংবিধানৰ বাবে যুঁজ দিম।”