মধ্যপ্ৰদেশত এইবাৰ আৰম্ভ বুলডোজাৰ ৰাজ! ধৰ্ষকৰ ঘৰত চলিল অভিযান…

মধ্য প্ৰদেশ আৰক্ষীয়ে ধৰ্ষণৰ অভিযোগত অভিযুক্ত এজন যুৱকৰ ঘৰ বুলডজাৰেৰে উচ্ছেদ কৰে। অভিযুক্তৰ নাম কৌশল কিশোৰ চৌবে। কিছুদিন পূৰ্বে তেওঁৰ বিৰুদ্ধে এগৰাকী ছোৱালীক ধৰ্ষণ কৰাৰ অভিযোগ উত্থাপন হৈছিল। আৰক্ষীয়ে কৌশলকো আটক কৰে।

শুকুৰবাৰে আৰক্ষীয়ে বুলডজাৰ লৈ কৌশলৰ ঘৰলৈ যায়। চৰকাৰী মাটি দখল কৰি কৌশলে নিৰ্মাণ কৰা বুলি দাবী কৰে। গতিকে খালী কৰাৰ অভিযান চলোৱা হ’ল। কিন্তু বহুতে এই ঘটনা আৰু ধৰ্ষণৰ সংযোগ বিচাৰি পাইছে। অৱশ্যে ধৰ্ষণ কাণ্ডৰ লগত অভিযুক্তৰ ঘৰ ভাঙি যোৱাৰ কোনো সম্পৰ্ক নাই বুলি দাবী কৰে আৰক্ষীয়ে। শুকুৰবাৰে মধ্যপ্ৰদেশৰ শ্বাহদলত সংঘটিত হয় এই ঘটনা।

এই ঘটনাৰ ভিডিঅ’ পোহৰলৈ আহিছে। ভিডিঅ’টোত বুলডজাৰ চলাই কৌশলৰ ঘৰলৈ আহিছিল মহিলা আৰক্ষীৰ দল এটা। ইয়াৰ পিছত ঘৰ ভাঙিবলৈ ধৰে। ঘটনা সন্দৰ্ভত আৰক্ষী বিষয়া প্ৰশিতা কুৰ্মীয়ে কয়, ‘কৌশল কিশোৰে ঘৰটো অবৈধভাৱে নিৰ্মাণ কৰিছিল।”

আৰক্ষীৰ মতে, কেৱল কৌশল কিশোৰেই নহয়, আন তিনিজন লোকৰ বিৰুদ্ধে ছোৱালীজনীক ধৰ্ষণ কৰাৰ অভিযোগ উত্থাপন হৈছে। ইয়াৰ পূৰ্বে তিনিওজন অভিযুক্তক গ্ৰেপ্তাৰ কৰা হৈছিল। শুকুৰবাৰে গ্ৰেপ্তাৰ কৰা হয় কৌশল।

By editor

Leave a Reply

Your email address will not be published. Required fields are marked *