মণিপুৰত সামৰিক শাসন বিচাৰি উচ্চতম ন্যায়ালয়ত আবেদন, খাৰিজ শীঘ্ৰে শুনানিৰ আবেদন

মণিপুৰত বিপন্ন হৈ পৰিছে কুকী সকলৰ জীৱন। মণিপুৰত অতি শীঘ্ৰে সামৰিক শাসন জাপি দিব লাগে। এই দাবী সন্দৰ্ভত শীঘ্ৰে শুনানিৰ বাবে উচ্চতম ন্যায়ালয়ত কুকী সম্প্ৰদায়ৰ এক বৃহৎ অংশই আবেদন জনায়। কিন্তু উচ্চতম ন্যায়ালয়ে ক্ষিপ্ৰ শুনানিৰ বাবে কৰা অনুৰোধ খাৰিজ কৰে।

কুকী-মেইটেই সংঘাতৰ বাবে এমাহৰো অধিক সময় ধৰি অস্থিৰ হৈ পৰিছে মণিপুৰ। সংখ্যাগৰিষ্ঠ জনজাতি ‘মেইটেই’ক অনুসূচিত জাতি হিচাপে স্বীকৃতি দিয়াৰ আন্দোলনে ক্ষুদ্ৰ ৰাজ্যখনৰ নগা-কুকি জনগোষ্ঠীৰ মাজত প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে। এই সংঘাতত এতিয়ালৈকে প্ৰায় ১২০ জন লোকৰ মৃত্যু হৈছে। আহতসকলৰ সংখ্যা হাজাৰৰো অধিক। হাজাৰ হাজাৰ লোক গৃহহীন হৈ পৰিছে। কিছুদিন পূৰ্বে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে শান্তি ঘূৰাই আনিবলৈ মণিপুৰ ভ্ৰমণ কৰিছিল। অৱশ্যে পৰিস্থিতিৰ বিশেষ উন্নতি হোৱা নাছিল। কেইবাটাও অঞ্চলত সংঘৰ্ষৰ সৃষ্টি হৈছে।

ৰাজ্যখনৰ কুকী সম্প্ৰদায়ক প্ৰতিনিধিত্ব কৰা মণিপুৰ ট্ৰাইবেল ফ’ৰাম (এমটিএফ) নামৰ সংগঠনটোৱে দাবী কৰিছে যে নিহতসকলৰ ভিতৰত ৭০ জন তেওঁলোকৰ সম্প্ৰদায়ৰ। আহতসকলৰ অধিকাংশইও কুকী সম্প্ৰদায়ৰ। ৰাজ্য আৰু কেন্দ্ৰীয় চৰকাৰে কুকী সম্প্ৰদায়ৰ জীৱন ৰক্ষা কৰাত ব্যৰ্থ হৈছে। গতিকে সামৰিক শাসনৰ বাহিৰে কুকীৰ জীৱন ৰক্ষাৰ কোনো উপায় নাই। সেই সংগঠনৰ হৈ মঙলবাৰে উচ্চতম ন্যায়ালয়ৰ ছুটীৰ বিচাৰপীঠে মণিপুৰ শীঘ্ৰে সেনাবাহিনীক গতাই দিবলৈ দাবী জনায়। সংস্থাটোৱে উচ্চতম ন্যায়ালয়ক শীঘ্ৰে শুনানিৰ বাবে অনুৰোধ জনায়। কিন্তু ন্যায়াধীশ সূৰ্য কান্ত আৰু ন্যায়াধীশ এম এম সুন্দৰেশে আবেদন নাকচ কৰি কয় যে, এই গোচৰটো ক্ষিপ্ৰ শুনানিৰ বিষয় নহয়। মণিপুৰত যি চলি আছে সেয়া কেৱল আইন-শৃংখলাৰ পৰিস্থিতিৰ সমস্যা।

কুকীৰ গোচৰৰ শীঘ্ৰে শুনানি গ্ৰহণ কৰিবলৈ সন্মতি নিদিলেও আন এটা গোচৰত উচ্চতম ন্যায়ালয়ে মণিপুৰত ইণ্টাৰনেট আংশিকভাৱেও আৰম্ভ কৰিব পাৰি নেকি সেই বিষয়ে চিন্তা কৰিবলৈ নিৰ্দেশ দিছে। মণিপুৰৰ একাংশ বিশিষ্ট ব্যক্তিয়ে দ্ৰুত ইন্টাৰনেটৰ দাবীত উচ্চতম ন্যায়ালয়ত আবেদন দাখিল কৰিছিল। সেই অনুৰোধৰ ভিত্তিত উচ্চতম ন্যায়ালয়ে প্ৰশাসনক নিৰ্দেশ দিছে, অন্ততঃ কোনো কোনো ঠাইত নিয়ন্ত্ৰিতভাৱে ইণ্টাৰনেট খুলিবলৈ। প্ৰয়োজন হ’লে প্ৰশাসনে ছ’চিয়েল মিডিয়াৰ ব্যৱহাৰ বন্ধ কৰি ইণ্টাৰনেট আৰম্ভ কৰক।

By Pankaj

Leave a Reply

Your email address will not be published. Required fields are marked *