মণিপুৰত দ্বাদশ শ্ৰেণীৰ ছাত্ৰক গুলীয়াই হত্যা অচিনাক্ত দুৰ্বৃত্তৰ…

মণিপুৰৰ কাংপোকপি জিলাত অচিনাক্ত বন্দুকধাৰীয়ে গুলীয়াই হত্যা কৰে দ্বাদশ শ্ৰেণীৰ পৰীক্ষাত অৱতীৰ্ণ হোৱা এজন ছাত্ৰক।

নিহত ছাত্ৰজনক ডামদেই খ্ৰীষ্টান স্কুলত অধ্যয়ন কৰি থকা ছেইগুনলাল মিছাও বুলি জানিব পৰা গৈছে।

খবৰ অনুসৰি যোৱা ২৫ মাৰ্চৰ নিশা ৮:৩০ বজাত এগৰাকী মহিলাসহ বাইক আৰোহী দুজন দুষ্কৃতিকাৰীয়ে মিছাওৰ ওপৰত গুলীচালনা কৰে।

এই ঘটনাই অঞ্চলটোত ক্ষোভৰ সৃষ্টি কৰিছে, ক্ষুব্ধ স্থানীয় ৰাইজে ৩৯ নং ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কৰি ভুক্তভোগীৰ ন্যায়ৰ দাবী জনাইছে।

অপৰাধীৰ পৰিচয় আৰু আক্ৰমণৰ উদ্দেশ্য এতিয়াও জানিব পৰা হোৱা নাই, আৰু আৰক্ষীয়ে এই ঘটনাৰ তদন্ত অব্যাহত ৰাখিছে।

By editor

Leave a Reply

Your email address will not be published. Required fields are marked *