ভয়ংকৰভাৱে বৃদ্ধি পাইছে দিল্লীৰ প্ৰদূষণ! ১০ নৱেম্বৰলৈ সকলো প্ৰাথমিক বিদ্যালয় বন্ধৰ নিৰ্দেশ

দিল্লীত ক্ৰমাগতভাৱে বৃদ্ধিপোৱা প্ৰদূষণৰ মাত্ৰাই ভয়াবহ কৰি তুলিছে পৰিস্থিতি। দেওবাৰৰ দিনটোতো দিল্লীৰ বায়ুত প্ৰদূষণৰ মাত্ৰা অত্যাধিক হোৱা পৰিলক্ষিত হয়। এনে পৰিস্থিতিত চৰকাৰে ৰাজধানী চহৰখনৰ প্ৰাথমিক বিদ্যালয়সমূহ ১০ নৱেম্বৰলৈ বন্ধ কৰাৰ নিৰ্দেশ জাৰি কৰিছে। আন্তঃৰাষ্ট্ৰীয় পৰিৱেশ গৱেষণা সংস্থা ছুইছ গ্ৰুপ আইকিউএয়াৰৰ তথ্য অনুসৰি দেওবাৰে দিল্লীৰ গড় বায়ুৰ গুণাগুণ (AQI) আছিল ৪৮৩। বেছিভাগ অঞ্চলতে বায়ুৰ গুণাগুণ ৪০০ ৰ ওপৰত। ইয়াৰ বাবেই ভাৰতৰ ৰাজধানীখনে বিশ্বৰ আটাইতকৈ প্ৰদূষিত চহৰৰ খিতাপ অৰ্জন কৰিছে।

শনিবাৰে এক্স-হেণ্ডলত দিল্লীৰ শিক্ষামন্ত্ৰী আতিশিয়ে ১০ নৱেম্বৰলৈ প্ৰাথমিক বিদ্যালয় বন্ধ কৰাৰ কথা ঘোষণা কৰে। কিন্তু ষষ্ঠৰ পৰা দ্বাদশ শ্ৰেণীলৈ পাঠদান অব্যাহত থাকিব বুলি জনায় শিক্ষামন্ত্ৰীগৰাকীয়ে। জনা যায় যে তেওঁলোকৰ বাবে অনলাইন ক্লাছৰ বিকল্প ব্যৱস্থা ৰখা হৈছে। মন কৰিবলগীয়া যে ইয়াৰ পূৰ্বে ৰাজধানীৰ সকলো প্ৰাথমিক বিদ্যালয় ৩ আৰু ৪ নৱেম্বৰত বন্ধ কৰাৰ নিৰ্দেশ দিয়া হৈছিল। প্ৰদূষণৰ পৰিস্থিতিৰ উন্নতি নোহোৱাত সেই সময়সীমা বৃদ্ধি কৰা হয়।

কালি চিকিৎসকে কয় যে ৰাজধানীত উশাহ-নিশাহত শাৰীৰিক ক্ষতি হোৱাৰ সম্ভাৱনা ২৫-৩০ টা চিগাৰেট খোৱাৰ সমান। বতৰ বিজ্ঞান বিভাগৰ তথ্য অনুসৰি দেওবাৰে পুৱা ৭ বজালৈকে দিল্লীৰ বায়ুৰ গুণাগুণ আছিল ৪৬০। শনিবাৰে দিল্লীৰ গড় বায়ুৰ মান আছিল ৪১৫। বৰ্তমান পৰিস্থিতিত উশাহ-নিশাহ লোৱাত অসুবিধা, চকুৰ বিষ আদি লক্ষণ দেখা দিছে। বিশেষকৈ ল’ৰা-ছোৱালী আৰু বৃদ্ধ সকলৰ স্বাস্থ্যত যথেষ্ট প্ৰভাৱ দেখিবলৈ পোৱা গৈছে। শনিবাৰে চিকিৎসকে আশংকা প্ৰকাশ কৰে যে গৰ্ভস্থ শিশুৰ হাওঁফাওঁৰ ভয়াৱহ প্ৰদূষণৰ বাবে ক্ষতিগ্ৰস্ত হ’ব পাৰে।

ইফালে, প্ৰদূষণে প্ৰাণীৰ ওপৰত প্ৰভাৱ পেলাবলৈ আৰম্ভ কৰা বুলি দাবী কৰিছে পৰিৱেশবিদসকলে। দিল্লী পৌৰ নিগমে বায়ু প্ৰদূষণ ৰোধৰ বাবে কঠোৰ নিৰীক্ষণ অব্যাহত ৰাখিছে। কালি জানিব পৰা মতে ৰাজধানীৰ বিভিন্ন অঞ্চলত ৫২টা দল গঠন কৰি নিয়োগ কৰি নিৰীক্ষণ আৰু প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণ কৰা হৈছে। কৰ্ম বিভাগে ব্যৱহাৰ কৰিছে ৬০টা এন্টি স্মোক গান। সংশ্লিষ্ট অগ্নিনিৰ্বাপক বাহিনীয়ে যুদ্ধকালীন কামত কাম কৰি আছে।

দেওবাৰে দিল্লীৰ পৰিৱেশ মন্ত্ৰী গোপাল ৰায়ে কয় যে প্ৰদূষণৰ পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি দিল্লী চৰকাৰে ৰাজধানীত নিৰ্মাণ কাৰ্য্য সম্পূৰ্ণৰূপে বন্ধ কৰিব পৰা যাব নে নোৱাৰে সেই বিষয়ে বিবেচনা কৰি আছে। দিল্লীত অৰাজ্যিক বাহন প্ৰৱেশ নিষিদ্ধ কৰাৰ কথাও বিবেচনা কৰা হৈছে। লগতে তাৰ পিছত BS3 পেট্ৰল আৰু BS4 ডিজেল বাহন নিষিদ্ধ হব পাৰে।

By editor

Leave a Reply

Your email address will not be published. Required fields are marked *