ভয়ংকৰ! নিয়ন্ত্ৰণ হেৰুৱাই বাগৰি পৰিল যাত্ৰীবাহী বাছ, ২৫ জন আহত

ওড়িশাৰ ভদ্ৰক জিলাৰ ভাণ্ডাৰীপোখাৰী পেট্ৰ’ল পাম্পৰ সমীপত ৰাষ্ট্ৰীয় ঘাইপথ-১৬ত এখন যাত্ৰীবাহী বাছ নিয়ন্ত্ৰণ হেৰুৱাই বাগৰি পৰাত কমেও ২৫জন পৰ্যটক গুৰুতৰভাৱে আহত হয়।

দুৰ্ঘটনাৰ সময়ত বাছখনে পৰ্যটক কঢ়িয়াই পশ্চিম বংগৰ পৰা পুৰীলৈ গৈ আছিল।

২৫ জন আহতসকলৰ ভিতৰত ছয়জনৰ অৱস্থা সংকটজনক বুলি জানিব পৰা গৈছে।

স্থানীয় আৰক্ষীয়ে অগ্নিনিৰ্বাপক বাহিনীৰ সহায়ত উদ্ধাৰ অভিযান আৰম্ভ কৰে আৰু আহতসকলক স্থানীয় চিকিৎসালয়ত ভৰ্তি কৰে। প্ৰাথমিক

চিকিৎসাৰ অন্তত আহতসকলৰ বহুক উন্নত চিকিৎসাৰ বাবে জিলা মুখ্য কাৰ্যালয় চিকিৎসালয়লৈ স্থানান্তৰ কৰা হয়।

পশ্চিম বংগৰ পৰা কমেও ৭০ জন লোকক লৈ যোৱা বাছখন পুৰী অভিমুখে গৈ থকা অৱস্থাত সংঘটিত হয় এই ঘটনা।

এই মৰ্মান্তিক পথ দুৰ্ঘটনাৰ কোনো সঠিক কাৰণ তৎক্ষণাত জানিব পৰা হোৱা নাই যদিও সূত্ৰই জনোৱা মতে, চালকজনে চকাত ভাৰসাম্য হেৰুৱাই বাছখন বাগৰি পৰে।

By editor

Leave a Reply

Your email address will not be published. Required fields are marked *