ব্লু কলাৰ নিযুক্তি প্লেটফৰ্ম জব হ্যেই চাকৰি প্ৰাৰ্থীসকলক বিস্তৃত চাকৰিৰ সুযোগৰ সৈতে সংযোগ কৰি নিয়োগ সন্ধান অভিজ্ঞতাত বৈপ্লৱিক পৰিৱৰ্তন আনিবলৈ আগশাৰীৰ টেলিকম অপাৰেটৰ ভিআইৰ সৈতে অংশীদাৰিত্বৰ কথা ঘোষণা কৰিছে। জব হ্যেক ভিআই এপত ভিআই জবছ এণ্ড এডুকেচনৰ সৈতে একত্ৰিত কৰা হ’ব, যাৰ ফলত ভাৰতৰ যুৱক-যুৱতীসকলৰ বাবে চাকৰি প্ৰত্যাশীসকলৰ গুণগত চাকৰিৰ প্ৰসাৰতা বৃদ্ধি পাব। ইতিমধ্যে দেশৰ টায়াৰ I আৰু টায়াৰ II চহৰৰ লাখ লাখ নিবনুৱাক তালিকাভুক্ত খালী পদ আগবঢ়াইছে জব হ্যেই।
জব হ্য়েই দেশৰ ৫০+ চহৰত ৪৫+তকৈ অধিক বিস্তৃত শিতানৰ অধীনত লাখ লাখ স্থানীয় নিয়োগ সৃষ্টি কৰে, যাৰ ভিতৰত টেলিকলাৰ, ছেলচ, ব্যৱসায় বিকাশ, বেক অফিচ, গ্রাফিক ডিজাইনাৰ, ডেলিভাৰী আৰু চিকিউৰিটী গাৰ্ড অন্যতম। এই প্লেটফৰ্ম ভাৰতৰ ১০টা স্থানীয় ভাষাত উপলব্ধ। ভিআইৰ সৈতে জব হ্যেৰ একত্ৰিকৰণৰ ফলত প্ৰাৰ্থীসকলে নতুনকৈ তালিকাভুক্ত চাকৰিসমূহ আগতীয়াকৈ লাভ কৰিব পাৰে, দৃশ্যমানতা বৃদ্ধি কৰিব পাৰে আৰু মাত্ৰ দুদিনৰ ভিতৰত সাক্ষাৎকাৰৰ সময় নিৰ্ধাৰণ কৰিব পাৰে। ভিআইৰ গ্ৰাহকসকলে ৩০ মিনিটৰ আগতীয়া প্ৰৱেশ, দুগুণ দৃশ্যমানতা, বাস্তৱ সময়ৰ অনুসৰণ আৰু নিযুক্তি প্ৰদানকাৰীৰ সৈতে প্ৰত্যক্ষ যোগাযোগৰ দৰে একচেটিয়া সুবিধাসমূহ উপভোগ কৰিব পাৰে। জবহ্য়ে.কম আৰু জব হ্যে এপে নিয়োগকৰ্তা আৰু চিভি সঁজুলিৰ জৰিয়তে ৱৰ্ক-ফ্ৰম-হোম, পাৰ্ট টাইম(অংশকালীন) আৰু শেহতীয়া চাকৰিৰ সুযোগ প্ৰদান কৰে। ভিআই প্ৰিপেইড ব্যৱহাৰকাৰীয়ে নিজৰ চহৰতো পচন্দৰ চাকৰি বিচাৰি পাব পাৰে, য’ত মহিলাৰ বাবেও আছে হাজাৰ হাজাৰ চাকৰি।
জব হ্যেৰ ব্যৱসায়িক মুৰব্বী ৰৌশন ভাৰতীয়ে ভাৰতত দুয়োটা প্লেটফৰ্মৰ একত্ৰিত সম্পদৰ সহায়ত ভাৰতৰ ব্লু কলাৰ কৰ্মীসকলৰ বাবে উপযুক্ত চাকৰিৰ সুযোগ প্ৰদানৰ লক্ষ্যৰ বাবে এই অংশীদাৰিত্বৰ প্ৰশংসা কৰে।