ভিআইয়ে আগবঢ়াইছে ডাটা শ্বেয়াৰিং আৰু নাইট টাইম আনলিমিটেড ডাটা

ভিআইয়ে মেক্স ফেমিলী পোষ্টপেইড প্লেনত ভিআই মেক্স ফেমিলী পোষ্টপেইড প্লেনত দুটা অনন্য প্ৰস্তাৱ প্ৰৱৰ্তন কৰিছে: ডাটা শ্বেয়াৰিং আৰু নাইট টাইম আনলিমিটেড ডাটা, যাতে ভিআই মেক্স ফেমিলী পোষ্টপেইড প্লেন ব্যৱহাৰকাৰীসকলৰ বাবে বৰ্ধিত ডাটাৰ সুবিধা প্ৰদান কৰিব পাৰে।

যাৰ ফলত গ্ৰাহকে চিনেমা, ভিডিঅ’ ষ্ট্ৰীম, সংগীত, গেম খেলা, চাৰ্ফ, চাট, কাম অথবা অধ্যয়নৰ বাবে নিৰৱিচ্ছিন্ন ডাটা লাভ কৰে। এই সকলোবোৰৰ সৈতে ভিআই মেক্স ৬০১ টকীয়া ফেমিলী প্লেনত ২টা সংযোগৰ সৈতে মুঠ ১২০ জিবিৰ ডাটা কোটা প্ৰদান কৰে। ইয়াৰ লগতে ১০০১ টকা আৰু ১১৫১ টকাৰ ভিআই মেক্স ফেমিলী প্লেনত ৪টা সংযোগৰ সৈতে ক্ৰমে ২৮০ জিবি আৰু ৫টা সংযোগৰ সৈতে ৩২৫ জিবি ডাটা কোটা প্ৰদান কৰে।

ডাটা শ্বেয়াৰিঙে ব্যৱহাৰকাৰীসকলক নিজৰ নিৰ্বাচিত প্লেনৰ ওপৰত ১০ জিবিৰ পৰা ২৫ জিবিলৈকে অতিৰিক্ত ডাটা কোটা প্ৰাপ্ত কৰাৰ অনুমতি দিয়ে, যাৰ ফলত পৰিয়ালৰ প্ৰাথমিক আৰু গৌণ বা অন্যান্য সদস্যসকলে অতিৰিক্ত ডাটা কোটা শ্বেয়াৰ কৰিব পাৰে। নাইট টাইম আনলিমিটেড ডাটাৰ সুবিধাসমূহ ভিআই মেক্স ফেমিলী পোষ্টপেইড প্লেনলৈ সম্প্ৰসাৰিত কৰা হৈছে, যিয়ে নিশা ১২ বজাৰ পৰা পুৱা ৬ বজালৈকে সঁচাকৈয়ে আনলিমিটেড ডাটাৰ অভিজ্ঞতা প্ৰদান কৰে।

By Business Bureau

Leave a Reply

Your email address will not be published. Required fields are marked *