ভাৰতৰ বিশ্বকাপ জয়ত কেৱল অধিনায়ক ৰোহিতেই নহয়, ভাষণ দিবলৈ ৰৈ আছে আন এজনোঃ প্ৰধানমন্ত্ৰীক কটাক্ষ মহুৱা মৈত্ৰাৰ

দেওবাৰে বিশ্বকাপ ক্ৰিকেটৰ মেগা ফাইনেল। সমগ্ৰ ক্ৰিকেট অনুগামী ভাৰত আৰু অষ্ট্ৰেলিয়াৰ যুঁজখন চাবলৈ অধীৰ হৈ পৰিছে। এনে পৰিস্থিতিত তৃণমূল কংগ্ৰেছৰ সাংসদ মহুৱা মৈত্ৰাই সামাজিক মাধ্যমত পোষ্ট কৰি কয় যে যদি সঁচাকৈয়ে টিম ইণ্ডিয়াই বিশ্বকাপত জয়লাভ কৰে, তেন্তে কেৱল অধিনায়ক ৰোহিত শৰ্মায়েই নহয়, বিশ্ব জয় কৰাৰ পিছত আন এজনেও ভাষণ প্ৰদান কৰিব। তেওঁৰ ইংগিতৰ পৰা স্পষ্ট যে তেওঁ প্ৰধানমন্ত্ৰী মোডীক লক্ষ্য কৰিয়েই এই কথা কয়।

অৱশ্যে এই পোষ্টটো মহুৱা মৈত্ৰাই নিজে লিখা নাই। তেওঁ এটা টুইটৰ স্ক্ৰীণশ্বট শ্বেয়াৰ কৰে। তাত লিখা আছে, ‘ভাৰতৰ ক’ৰবাত এজন মানুহে বিশ্বকাপ জয় কৰাৰ পাছত নিজৰ ভাষণৰ অনুশীলন কৰি আছে৷ তেওঁৰ নাম ৰোহিত শৰ্মা নহয়।’

মোডীক সমালোচনা কৰাৰ সময়ত বিৰোধীয়ে সদায় কৈ আহিছে যে প্ৰধানমন্ত্ৰীয়ে আনৰ সাফল্যত ভাগ লৈছে। চন্দ্ৰযান ৩ চন্দ্ৰৰ দক্ষিণ মেৰুত অৱতৰণ কৰাৰ সময়ত মোডীয়ে ভাৰতৰ পতাকা উৰুৱাই থকা দেখা গৈছল। সেই সময়ত কোৱা হৈছিল যে ইছৰোৰ বিজ্ঞানীসকলৰ সফলতাত মোডীয়ে ভাগ লৈছে। টিভিৰ পৰ্দাৰ আধা অংশত চন্দ্ৰযানৰ ছবি, আনটো আধাত প্ৰধানমন্ত্ৰীক দেখা গৈছিল। যাৰ বাবে বিৰোধীয়ে তীব্ৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰি প্ৰধানমন্ত্ৰীৰ প্ৰচাৰমুখীতাক সমালোচনা কৰিছিল। এইবাৰ ৰোহিতৰ বিশ্ব জয়ৰ সফলতাত মোডীয়ে অংশীদাৰ হ’ব বুলি মন্তব্য কৰে তৃণমূলৰ সাংসদগৰাকীয়ে।

মন কৰিবলগীয়া যে সংসদত ধনৰ বিনিময়ত প্ৰশ্নৰ অভিযোগ বিষয়ত বিপদত পৰিছে তৃণমূলৰ সাংসদ মহুৱা মৈত্ৰা। তেওঁৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণৰ পথত সংসদ। তেওঁৰ সাংসদ পদ বাতিলৰ পৰামৰ্শত ছীল কৰিছে নৈতিকতা সমিতিয়ে। এনে অৱস্থাত মহুৱাই পুনৰ মোডীক কটাক্ষ কৰে।

By editor

Leave a Reply

Your email address will not be published. Required fields are marked *