ভাল খবৰ! কৰ্তব্যত আগবঢ়োৱা দক্ষতাৰ বাবে অসমৰ ৪ আৰক্ষী জোৱানক গৃহমন্ত্ৰীৰ বিশেষ পদক…

কৰ্তব্যৰ সময়ত আগবঢ়োৱা ব্যতিক্ৰমী দক্ষতা আৰু সেৱাৰ বাবে অসম আৰক্ষীৰ চাৰিজন জোৱানে স্বাধীনতা দিৱসত কেন্দ্ৰীয় গৃহমন্ত্ৰীৰ তদন্তত উৎকৃষ্টতাৰ পদক লাভ কৰিব।

আনুষ্ঠানিক জাননী অনুসৰি এই সন্মানীয় বঁটাৰ বাবে নিৰ্বাচিত হোৱা চাৰিজন বঁটাপ্ৰাপক হ’ল – ডিচিপি সুজিত সিং পানেছৰ, পৰিদৰ্শক দুৰ্গা কিংকৰ কুমাৰ, পৰিদৰ্শক আৰিফুল হক, আৰু উপ-পৰিদৰ্শক এম থাদয় সিংহা।

চৰকাৰী প্ৰেছ বিজ্ঞপ্তি অনুসৰি সমগ্ৰ ভাৰতবৰ্ষৰ মুঠ ১৫১ জন আৰক্ষী জোৱানক এই সন্মানীয় পদক প্ৰদান কৰা হ’ব।

ইয়াৰ ভিতৰত গুজৰাটৰ পৰা ছয়জনকৈ, অন্ধ্ৰপ্ৰদেশ, কৰ্ণাটক, দিল্লীৰ পাঁচজন; অসম, হাৰিয়ানা, ওড়িশাৰ পৰা চাৰিজন; মণিপুৰ, মেঘালয়, মিজোৰাম, হিমাচল প্ৰদেশ, জম্মু-কাশ্মীৰ, পঞ্জাৱ, ত্ৰিপুৰা, উত্তৰাখণ্ড, আন্দামান আৰু নিকোবৰ দ্বীপপুঞ্জ, দাদৰা আৰু নগৰ হাভেলী, দমন আৰু ডিউ, পুডুচেৰী আৰু নাগালেণ্ডৰ পৰা এজনকৈ; ঝাৰখণ্ডৰ পৰা দুজন, ছত্তীশগড়ৰ পৰা তিনিজন; ৰাজস্থান, কেৰালা, পশ্চিম বংগৰ পৰা আঠজন; বিহাৰৰ পৰা সাতজন; তামিলনাডু, তেলেংগানা, এন আই এ, এন চি বিৰ পৰা পাঁচজন; উত্তৰ প্ৰদেশৰ মধ্যপ্ৰদেশৰ পৰা দহজন; মহাৰাষ্ট্ৰৰ পৰা এঘাৰজন; আৰু চিবিআইৰ পৰা পোন্ধৰজনক এই পদক প্ৰদান কৰা হ’ব।

বঁটাপ্ৰাপকসকলৰ ভিতৰত আছে ২৮ গৰাকী মহিলা আৰক্ষী জোৱান।

By editor

Leave a Reply

Your email address will not be published. Required fields are marked *