পুৰুষৰ ২০০ মিটাৰ দৌৰত ২১.০৮ ছেকেণ্ডৰ সময়েৰে তৃতীয় স্থান দখল কৰি অসম সন্তান অম্লান বৰগোহাঁইয়ে ২০২৩ চনৰ এছিয়ান গেমছত ছেমিফাইনেলত প্ৰৱেশ কৰে।
নিয়ম অনুসৰি প্ৰতিটো হিটত প্ৰথম তিনিজন খেলুৱৈয়ে ছেমি ফাইনেলৰ বাবে নিৰ্বাচিত হয়।
বৰ্তমান দেশৰ সৰ্বাধিক বেগী অসমৰ এই দৌৰবিদগৰাকীয়ে পুৰুষৰ ১০০ মিটাৰ আৰু ২০০ মিটাৰ দুয়োটাৰে ৰাষ্ট্ৰীয় অভিলেখ গঢ়িবলৈ সক্ষম হৈছে।
অৱশ্যে মহিলাৰ ২০০ মিটাৰ ফাইনেলৰ বাবে সফলতা লাভ কৰিব নোৱাৰিলে জ্যোতি য়াৰৰাজীয়ে। ভাৰতীয়গৰাকীৰ সময় আছিল ২৩.৭৮ছেকেণ্ড।
ইফালে ১ অক্টোবৰৰ সন্ধিয়া ছেমি ফাইনেলৰ বাবে অম্লানে একচনত অংশগ্ৰহণ কৰিব।