ভয়ংকৰ! নিশা বাছৰ ভিতৰত শুই থকা সময়তে সংঘটিত অগ্নিকাণ্ডত জীৱন্তে অগ্নিদগ্ধ হৈ মৃত্যু কণ্ডাক্টৰৰ

নিশা বাছৰ ভিতৰতে শুই থকা সময়তে সংঘটিত ভয়ংকৰ অগ্নিকাণ্ডত জীৱন্তে অগ্নিদগ্ধ হৈ মৃত্যু এজন কণ্ডাক্টৰৰ।

এই ভয়ংকৰ ঘটনা সংঘটিত হয় বাংগালুৰৰ লিংগাধীৰানাহল্লীত।

নিশা ৰখাই থোৱা এখন বিএমটিচি বাছত সংঘটিত হয় অগ্নিকাণ্ড।

যাৰ ফলত বাছখনৰ ভিতৰত শুই থকা কণ্ডাক্টৰজনৰ অগ্নিদগ্ধ হৈ মৃত্যু ঘটে।

নিহত কণ্ডাক্টৰজনৰ নাম মুথৈয়া স্বামী (৪৫) বুলি জানিব পৰা গৈছে।

বৃহস্পতিবাৰে নিশা প্ৰায় ১০.৩০ বজাত সংঘটিত হয় এই অগ্নিকাণ্ড।

By editor

Leave a Reply

Your email address will not be published. Required fields are marked *