ভক্তৰডবাত উপস্থিত বিদ্যালয় সমূহৰ পৰিদৰ্শক ৰাতুল কুমাৰ দাস

69

বৰপেটাৰ ভক্তৰডবাস্থিত পশ্চিম পাকা আজাদ মেমোৰিয়েল হাইস্কুলত উপস্থিত হয় বৰপেটা বিদ্যালয় সমূহৰ পৰিদৰ্শক ৰাতুল কুমাৰ দাসে।

উল্লেখ্য যে, ধনৰ বিনিময়ত বিদ্যালয়খনৰ খেলপথাৰত পুখুৰী খান্দি লিজত দিছিল বৰপেটা জিলাৰ ভক্তৰডবাস্থিত পশ্চিম পাকা আজাদ মেমোৰিয়েল হাইস্কুল কৰ্তৃপক্ষই।

বৃহত্তৰ ভক্তৰডবা অঞ্চলৰ একমাত্ৰ খেলৰ উপযোগী হৈছে পশ্চিম পাকা আজাদ মেমোৰিয়েল হাইস্কুলৰ খেলপথাৰখন। কিন্তু উক্ত খেলপথাৰখনত পুখুৰী খান্দি দুয়োপাৰে বান্ধ দি লিজত দিয়াত বিতৰ্কৰ সৃষ্টি হৈছিল।

উল্লেখ্য যে, বিদ্যালয়খনৰ প্ৰধান শিক্ষকে বিগত দুটা বছৰ ধৰি এইদৰেই খেলপথাৰ লিজত দি বৃহৎ অংকৰ ধন আত্মসাৎ কৰাৰ অভিযোগ উত্থাপন কৰিছিল ৰাইজে। পিছে সমগ্ৰ বিষয়টো সন্দৰ্ভত স্থানীয় ৰাইজে যোৱা ৯ মে’ত বৰপেটা জিলাৰ বিদ্যালয় সমূহৰ পৰিদৰ্শকৰ কাৰ্যালয়ত অভিযোগ দাখিল কৰে স্থানীয় ৰাইজে ।

অৱশেষত ৰাইজৰ এই অভিযোগৰ ভিত্তিত বিদ্যালয় সমূহৰ পৰিদর্শক ৰাতুল কুমাৰ দাসে কালি চৰজমিন তদন্তৰ বাবে বিদ্যালয়খনত উপস্থিত হয়।

দুয়োপক্ষৰ ভাষ্য আৰু বিদ্যালয়ৰ চৌদিশ পৰ্যবেক্ষণ কৰি ৰাইজৰ দাবীত সন্মতি প্ৰদান কৰাৰ লগতে খেলপথাৰখন লিজত দিয়া সম্পূৰ্ণৰূপে বন্ধ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰি খেলপথাৰখন খেলপথাৰ হৈ থাকিবলৈ, খেলপথাৰ পুখুৰী হ’বলৈ দিয়া নহ’ব বুলি মতপোষণ কৰাৰ লগতে খেলপথাৰৰ দুয়োপাৰৰ বান্ধ মুকলাই দিবলৈ প্ৰধান শিক্ষকগৰাকীক নিৰ্দেশ দিয়ে।