‘ব্ৰেকিং নিউজ! এতিয়া ইডিয়ে অষ্ট্ৰেলিয়াৰ প্ৰধানমন্ত্ৰীৰ ঘৰত তালাচী চলাব’! বিশ্বকাপত ভাৰতৰ পৰাজয়ৰ পিছত প্ৰধানমন্ত্ৰী মোডীক কটাক্ষ মহুৱা মৈত্ৰাৰ

আকৌ এবাৰ বিশ্বকাপ জয়ৰ সপোন ভাঙিল টিম ইণ্ডিয়াৰ। অষ্ট্ৰেলিয়াৰ হাতত ভাৰতীয় দলৰ পৰাজয়ৰ পিছতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক আক্ৰমণ কৰে তৃণমূল সাংসদ মহুৱা মৈত্ৰাই। ভাৰতৰ পৰাজয়ৰ বিষয়টো তেওঁ ৰাজনৈতিক ক্ষেত্ৰলৈ টানি লৈ যায়।

বিশ্বকাপৰ মেগা ফাইনেলত দেওবাৰে আহমেদাবাদৰ নৰেন্দ্ৰ মোডী ষ্টেডিয়ামত ১ লাখ ৩২ হাজাৰ দৰ্শকৰ সন্মুখত মুখামুখি হয় ভাৰত আৰু অষ্ট্ৰেলিয়া। প্ৰধানমন্ত্ৰীয়েও মেচ চাবলৈ ষ্টেডিয়ামত উপস্থিত হয়। কিন্তু মোডীয়ে ভাৰতৰ বিশ্ব বিজয় দেখাৰ আশা পূৰণ নহ’ল। খেলত শেষ হাঁহি মাৰে অষ্ট্ৰেলিয়াই। ইয়াৰ পিছত কৃষ্ণনগৰ তৃণমূলৰ সাংসদ মহুৱা মৈত্ৰাই এক্সত প্ৰধানমন্ত্ৰীক সমালোচনা কৰে। তেওঁ লিখিছে, ‘আহমেদাবাদৰ ষ্টেডিয়ামৰ নাম সলনি কৰা হৈছে। জৱাহৰলাল নেহৰু ষ্টেডিয়ামত বিশ্বকাপৰ ফাইনেলত পৰাস্ত হ’ল ভাৰত।” দৰাচলতে দেশৰ যিকোনো সফলতাৰ কৃতিত্ব গেৰুৱা শিবিৰে লয়। আৰু বিফল হ’লে বলটো কংগ্ৰেছৰ ক’ৰ্টলৈ ঠেলি দিয়া হয়। বাৰে বাৰে এনে অভিযোগ উত্থাপন কৰি আহিছে তৃণমূল কংগ্ৰেছে। এই বিষয়টোক লৈয়ে মহুৱা মৈত্ৰাই মোডীক কটাক্ষ কৰে।

কিন্তু তেওঁ ইয়াতেই থমকি নৰ’ল। মোডী চৰকাৰে কেন্দ্ৰীয় তদন্তকাৰী সংস্থাক নিজৰ বুলি ব্যৱহাৰ কৰি অবিজেপি শাসিত ৰাজ্যসমূহৰ ওপৰত হেঁচা প্ৰয়োগ কৰা বুলি অভিযোগ তোলে। মহুৱাই লিখিছে, “ব্ৰেকিং নিউজ। এতিয়া ইডিয়ে অষ্ট্ৰেলিয়াৰ প্ৰধানমন্ত্ৰীৰ ঘৰত তালাচী চলাইছে!”

By editor

Leave a Reply

Your email address will not be published. Required fields are marked *