বিশ্ব হাত পৰিচ্ছন্নতা দিৱস(ৱৰ্ল্ড হেণ্ড হাইজিন ডে’)ৰ দিনা ডেটল BSI-এ মুকলি কৰিলে স্বাস্থ্য আৰু পৰিচ্ছন্নতা পডকাষ্ট

বিশ্ব হাত পৰিচ্ছন্নতা দিৱস উদযাপনৰ বাবে ৰেকিটে নিজৰ ফ্লেগশ্বিপ অভিযান ‘ডেটল বেনেগা স্বস্থ ইণ্ডিয়া’ৰ অধীনত জনস্বাস্থ্য আৰু পৰিষ্কাৰ-পৰিচ্ছন্নতা কেন্দ্ৰিক প’ডকাষ্ট ইংৰাজী আৰু হিন্দী ভাষাত মুকলি কৰিছে। ইয়াৰ অংশ ৰূপে শিশুৰ বাবে ৩টা খণ্ডৰ পৰিষ্কাৰ-পৰিচ্ছন্নতাৰ DIY কৰ্মপুথি বনেগা স্বস্থ ইণ্ডিয়া-স্বাস্থ্য মন্ত্ৰ মুকলি কৰিছে। প’ডকাষ্টৰ লক্ষ্য হৈছে নৱ প্ৰজন্মৰ দৰ্শকক আকৰ্ষণ কৰা আৰু সুস্থ পৰিষ্কাৰ-পৰিচ্ছন্নতাৰ বাৰ্তা  প্ৰচাৰ কৰা।

ডেটল BSIৰ পদক্ষেপে গ্ৰাহকক সজাগ কৰাৰ ওপৰত গুৰুত্ব আৰোপ কৰি কেৱল ‘স্বচ্ছ ভাৰত এক স্বচ্ছ ভাৰত’ হ’ব পাৰে, আৰু বনেগা স্বস্থ ভাৰত – স্বাস্থ্য মন্ত্ৰ পডকাষ্টে পৰিষ্কাৰ পৰিচ্ছন্নতা, বহনক্ষম জীৱন যাপন আৰু বিশেষভাৱে পৰিচ্ছন্নতা পদ্ধতিৰ ওপৰত আলোকপাত কৰিছে, যিবোৰ বিশ্ব হাত পৰিচ্ছন্নতা দিৱস ২০২৩-ৰ ‘একেলগে কাৰ্য ত্বৰান্বিত কৰক, জীৱন ৰক্ষা কৰক – হাত পৰিষ্কাৰ কৰক’ বিষয়বস্তুৰ সৈতে সংযোজিত।

৩টা খণ্ডৰ DIY ৱৰ্কবুক(কৰ্মপুথি)খনৰ লক্ষ্য হৈছে শিশুসকলক নিজৰ ঘৰ, বিদ্যালয়, চুবুৰীয়া আৰু অসুস্থতাৰ সময়ত পৰিষ্কাৰ-পৰিচ্ছন্নতা বজাই ৰাখিবলৈ অনুপ্ৰাণিত কৰা। ৩ খন ৱৰ্কবুকৰ সকলোবোৰ সম্পূৰ্ণ হ’লে তেওঁলোকক হাইজিন চেম্পিয়ন হিচাপে স্বীকৃতি দিয়া হ’ব আৰু এটা বেজ লাভ কৰিব। এই প’ডকাষ্ট ইংৰাজী আৰু হিন্দী ভাষাত স্পটিফাই, এপল প’ডকাষ্ট, গুগল প’ডকাষ্ট আৰু ইউটিউবৰ দৰে প্লেটফৰ্মৰ দৰ্শকৰ বাবে উপলব্ধ আৰু ৰেকিটৰ দক্ষিণ এছিয়াৰ কাৰ্যবাহী ভাইচ প্ৰচিডেণ্ট গৌৰৱ জৈনে কয়, “স্বচ্ছ আৰু স্বাস্থ্যৱান ভাৰতৰ বাবে বহনক্ষম পৰিৱৰ্তন অতি প্ৰয়োজনীয়। ৰেকিটত আমি গ্ৰাহকসকলক সুস্থ পৰিষ্কাৰ-পৰিচ্ছন্নতাৰ অভ্যাস বজাই ৰখাৰ প্ৰয়োজনীয়তাৰ বিষয়ে জ্ঞান দি আহিছোঁ। প্ৰথমবাৰৰ বাবে জনস্বাস্থ্য আৰু পৰিষ্কাৰ-পৰিচ্ছন্নতাক কেন্দ্ৰ কৰি প’ডকাষ্ট মুকলি কৰাৰ লগে লগে আমি সঠিক বাৰ্তা প্ৰচাৰৰ বাবে আন এক পদক্ষেপ গ্ৰহণ কৰিছো।”

By Business Bureau

Leave a Reply

Your email address will not be published. Required fields are marked *