এটাৰ পিছত আন এটা দুখজনক ঘটনাই অসমবাসীক শোকগ্ৰস্ত কৰি তুলিছে। নিপন গোস্বামীৰ দেহাৱসানৰ পিছতে বিশিষ্ট চিত্ৰশিল্পী নীলপৱন বৰুৱাৰ মৃত্যু অসমৰ বাবে আন এক বৃহৎ ক্ষতি। অসমৰ অন্য এক বৰেণ্য ব্যক্তি, চিত্ৰ শিল্পী নীলপৱন বৰুৱাৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰিছে অসম তৃণমূল কংগ্ৰেছে। এক শোকবাৰ্তাত অসম তৃণমূল কংগ্ৰেছৰ সভাপতি ৰিপুণ বৰাই কয় যে, “অনন্য় শিল্প শৈলীৰে কলাক জীৱন্ত কৰি তুলি চিত্ৰশিল্পক নতুনত্ব প্ৰদান কৰিছিল নীলপৱন বৰুৱাই। সদায়ে অগতানুগতিক চিত্ৰশিল্পৰে ৰাজ্যত এক নতুন ধাৰাৰ সূচনা কৰা নীলপৱন বৰুৱাৰ মৃত্যু অসমবাসীৰ বাবে অপূৰণীয় ক্ষতি। অসমীয়া জাতিয়ে আজীৱন তেওঁৰ শিল্পকৰ্ম আৰু বিৰল ব্যক্তিত্বৰ বাবে চিৰদিন শ্ৰদ্ধাৰে স্মৰণ কৰিব।” অসম তৃণমূল কংগ্ৰেছ সভাপতি বৰাই প্ৰয়াত নীলপৱন বৰুৱাৰ বিদেহ আত্মাৰ চিৰশান্তি কামনা কৰে আৰু শোক সন্তপ্ত পৰিয়ালবৰ্গক সমৱেদনা জ্ঞাপন কৰে।
বিশিষ্ট শিল্পী নীলপৱন বৰুৱাৰ মৃত্যুত অসম তৃণমূল কংগ্ৰেছৰ শোক প্ৰকাশ অনন্য শিল্প শৈলীৰে কলাক জীৱন্ত কৰি তুলিছিল বৰুৱাইঃ ৰিপুণ বৰা
