বিশিষ্ট শিক্ষাবিদ, অসমীয়া ভাষাৰ পণ্ডিত দেৱেন দত্তৰ শেষ নিশ্বাস ত্যাগ

গ্ৰাহক অধিকাৰ কৰ্মী তথা কটন বিশ্ববিদ্যালয়ৰ প্ৰাক্তন উপাধ্যক্ষ দেৱেন দত্তই শুকুৰবাৰে গুৱাহাটীত শেষ নিশ্বাস ত্যাগ কৰে।

নিশা ১২.১০ বজাত গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত শেষ নিশ্বাস ত্যাগ কৰে দেৱেন দত্তই। হৃদৰোগৰ বাবে ৮১ বছৰ বয়সত শেষ নিশ্বাস ত্যাগ কৰে শিক্ষাবিদগৰাকীয়ে।

উল্লেখ্য যে শিক্ষাবিদ-গ্ৰাহক অধিকাৰ কৰ্মী তথা ৰাজনীতিবিদগৰাকীয়ে বিভিন্ন সামাজিক সংগঠনৰ লগত জড়িত হোৱাৰ উপৰিও মঞ্চৰ অনুষ্ঠানতো অংশ লৈছিল।

অসমীয়া ভাষাৰ হকে আজীৱন কাম কৰি অহা দত্তৰ জন্ম হৈছিল ১৯৪৪ চনৰ ৫ এপ্ৰিলত শিৱসাগৰৰ নাজিৰাত। তেওঁ শেহতীয়াকৈ গুৱাহাটীৰ সুন্দৰপুৰ অঞ্চলত বাস কৰিছিল। ১৯৬৫ চনত ইংৰাজী বিষয়ত স্নাতকোত্তৰ শিক্ষা সমাপ্ত কৰি কটন কলেজত ইংৰাজী বিষয়ৰ অধ্যাপক হিচাপে কৰ্মজীৱন আৰম্ভ কৰে।

By editor

Leave a Reply

Your email address will not be published. Required fields are marked *