বিবাহ অনুষ্ঠানৰ পৰা উভতি অহাৰ পথতে দুৰ্ঘটনাত পতিত বিবাহ যাত্ৰীৰ বাহন, ৭ জনৰ মৃত্যু

শুকুৰবাৰে ওড়িশাৰ সম্ভলপুৰত সংঘটিত হোৱা এক বৃহৎ পথ দুৰ্ঘটনাত মৃত্যুক সাৱটি লয় ৭জনকৈ বিবাহ যাত্ৰীয়ে।

খবৰ অনুসৰি ওড়িশাৰ সম্ভলপুৰ জিলাৰ সাছানা থানাৰ অন্তৰ্গত বিশালাখিন্দা চাছানা খালৰ সমীপত সংঘটিত হয় এই দুৰ্ঘটনা।

বিয়াত অংশগ্ৰহণ কৰি উভতি আহি থকা অৱস্থাত বিবাহ যাত্ৰীৰ বলেৰ’ বাহনখন দুৰ্ঘটনাত পতিত হয়।

লাভ কৰা তথ্য অনুসৰি নিশা প্ৰায় ২ বজাত এই ঘটনা সংঘটিত হয়।

জানিব পৰা মতে, ঝাৰছুগুড়া জিলাৰ কংকটুৰা লাদাধৰা অঞ্চলৰ পৰা পৰমানপুৰ নিবাসী দৰা কঢ়িয়াই অনা গাড়ীখনে নিয়ন্ত্ৰণ হেৰুৱাই পোনে পোনে বিশালাখিন্দাৰ সমীপৰ সাছানা খালত ডুব যায়।

দুৰ্ঘটনাৰ ফলত গাড়ীৰ ভিতৰত থকা যাত্ৰীসকল আবদ্ধ হৈ পৰে আৰু কিছু সময় নামিব পৰা নাছিল। পিছত তেওঁলোকৰ মাজৰ এজন যুৱ যাত্ৰী ওলাই আহি সহায়ৰ বাবে মাতিবলৈ সক্ষম হয়। আত্মীয়সকল আহি পোৱাৰ লগে লগে ভাঙি যোৱা গাড়ীখনৰ পৰা নামিবলৈ সক্ষম হয় আন তিনিজন।

অৱশ্যে আৰু সাতজন ভিতৰত থাকি ওলাই আহিব নোৱাৰিলে। তদুপৰি দুৰ্ঘটনা সংঘটিত হোৱাৰ পিছৰে পৰা গাড়ীখনৰ চালকজন ক’তো পোৱা নাছিল বুলিও চৰ্চালৈ আহিছে।

স্থানীয় আৰক্ষীয়ে দুৰ্ঘটনাস্থলীত উপস্থিত হয় আৰু পৰৱৰ্তী সময়ত বিষয়টোৰ তদন্ত আৰম্ভ কৰে। এই মুহূৰ্তত অধিক তথ্যৰ বাবে অপেক্ষা কৰা হৈছে।

By editor

Leave a Reply

Your email address will not be published. Required fields are marked *