ইণ্টাৰনেশ্যনেল ছ’চাইটি ফৰ কৃষ্ণ ক’নচিয়ানেছ চমুকৈ ইছকনে বিজেপিৰ সাংসদ মনেকা গান্ধীক ১০০ কোটি টকাৰ মানহানিৰ জাননী জাৰি কৰিছে। ধৰ্মীয় সংগঠনটোৱে গৰু হত্যাৰ বাবে কচাইক বিক্ৰী কৰা বুলি মনেকা গান্ধীয়ে মন্তব্য কৰাৰ পিছতে এই মানহানিৰ গোচৰ তৰে। ইছকনে বিজেপি সাংসদগৰাকীৰ অভিযোগক “সম্পূৰ্ণ ভিত্তিহীন” বুলি বৰ্ণনা কৰি কয় যে ভক্তসকলে এই মন্তব্যত “গভীৰভাৱে আঘাত” অনুভৱ কৰিছে।
ইছকন কলকাতাৰ উপ-সভাপতি ৰাধাৰমণ দাসে কয়, ‘ইছকনৰ বিৰুদ্ধে সম্পূৰ্ণ ভিত্তিহীন অভিযোগ উত্থাপন কৰাৰ বাবে আজি আমি মনেকা গান্ধীলৈ ১০০ কোটি টকাৰ মানহানিৰ জাননী প্ৰেৰণ কৰিছো। ইছকন ভক্ত, সমৰ্থক, শুভাকাংক্ষীৰ বিশ্বব্যাপী সমাজ এই মানহানিকাৰক, নিন্দাসূচক, আৰু কু-অভিপ্ৰায়ৰ অভিযোগত গভীৰভাৱে যন্ত্ৰণাত ভুগিছে। ইছকনৰ বিৰুদ্ধে কৰা ভ্ৰান্ত অপপ্ৰচাৰৰ বিৰুদ্ধে ন্যায়ৰ সন্ধানত আমি কোনো ক্ৰুটি নাৰাখিম।”
কিছুদিন পূৰ্বে ভাইৰেল হোৱা এটা ভিডিঅ’ত বিজেপিৰ সাংসদ মানেকা গান্ধীয়ে কৈছিল যে ইছকন হৈছে “দেশৰ আটাইতকৈ ডাঙৰ প্ৰতাৰক, যিয়ে নিজৰ গৌশালাৰ পৰা কচাইক গৰু বিক্ৰী কৰে।
বিজেপি সাংসদগৰাকীয়ে আৰু অভিযোগ কৰে যে শেহতীয়াকৈ অন্ধ্ৰ প্ৰদেশৰ ইছকন গৌশালা ভ্ৰমণৰ সময়ত তেওঁ এটাও গৰুৰ অৱস্থা ভাল হোৱা নাই বুলি জানিব পাৰিছে।
মনেকা গান্ধীয়ে কয় যে গৌশালাত পোৱালি নাছিল, অৰ্থাৎ সকলো বিক্ৰী হৈ গৈছিল।
ইছকনে এই অভিযোগসমূহক তীব্ৰভাৱে নাকচ কৰি ইয়াক “প্ৰমাণহীন আৰু মিছা” বুলি অভিহিত কৰে।