বিজেপি চৰকাৰখনে আহোম জনগোষ্ঠীক কেতিয়াও অৱহেলা কৰা নাই

ভাৰতীয় জনতা পাৰ্টি, অসম প্ৰদেশৰ মুখ্য কাৰ্যালয়ত আজি ৰাজ্যিক মুখপাত্ৰ লক্ষ্য কোঁৱৰ আৰু থাওৰা বিধান সভা সমষ্টিৰ বিধায়ক সুশান্ত বৰগোঁহাইয়ে  এখন সংবাদমেল মেল সম্বোধন কৰি  পুনৰ এবাৰ স্পষ্ট কৰে যে ভাৰতীয় জনতা পাৰ্টিয়ে অসমৰ প্ৰতিটো জাতি- জনগোষ্ঠীকে শ্ৰদ্ধা তথা সন্মান জনায়। প্ৰতিটো জাতি – জনগোষ্ঠীৰ জনসাধাৰণৰ সৰ্বাংগীন বিকাশৰ বাবে বিজেপি নেতৃত্বাধীন ৰাজ্য চৰকাৰে নিৰন্তৰ কাম অব্যাহত ৰাখিছে। তেনেস্থলত সামাজিক মাধ্যমত ৰাজ্যিক বিজেপিৰ নেত্ৰীয়ে আহোম জাতিৰ বিৰুদ্ধে অপমান সূচক মন্তব্য কৰিছে বুলি  যি প্ৰচাৰ চলিছে সেইয়া সম্পূৰ্ণৰূপে ভুৱা আৰু এয়া কোনো দুষ্টচক্ৰৰ সমাজ অস্থিৰ কৰা কু-পৰিকল্পনা। সংবাদমেলত মুখপাত্ৰ লক্ষ্য কোঁৱৰে কয় যে যোৱা ২৯ তাৰিখে কংগ্ৰেছ নেতা অধীৰ ৰঞ্জন চৌধুৰীয়ে নৱনিৰ্বাচিত ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মূ সম্পৰ্কে কৰা বিৰূপ মন্তব্যৰ বিৰুদ্ধে বিজেপিয়ে দেশব্যাপী প্ৰতিবাদ সাব্যস্ত কৰিছিল আৰু তাৰেই অংশস্বৰূপে গুৱাহাটীতো দলে এই কাৰ্যসূচী ৰূপায়ণ কৰিছিল। দেশজোৰা প্ৰতিবাদৰ ফলশ্ৰুতিত কংগ্ৰেছ নেতা অধীৰ ৰঞ্জন চৌধুৰীয়ে লিখিত ক্ষমা খুজিবলৈ বাধ্য হল। কিন্তু গুৱাহাটীত অনুষ্ঠিত প্ৰতিবাদী কাৰ্যসূচীৰ এক ভিডিঅটোত কোনো দুষ্টচক্ৰই এক আহোম বিৰোধী শব্দ ব্যৱহাৰেৰে প্ৰচাৰ কৰি বিতৰ্ক সৃষ্টিৰ প্ৰয়াস কৰিছে। ইতিমধ্যে এই সন্দৰ্ভত দলৰ সাধাৰণ সম্পাদকদ্বয়ে সামাজিক মাধ্যমত সম্প্ৰচাৰ হোৱা ভিডিঅটো নস্যাৎ কৰি দলৰ স্থিতি স্পষ্ট কৰাৰ লগতে দুস্কৃতিকাৰীক কৰায়ত্ত কৰিবৰ বাবে এজাহাৰ দাখিল কৰিছে। কিন্তু ইয়াৰ পাছতো দুদিন পূৰ্বে এই বিষয়টোক লৈ আটাছুৰ কেন্দ্ৰীয় সমিতিৰ এগৰাকী নেতাই বিজেপিক লৈ বিশেষকৈ মহিলা মৰ্চাৰ সভানেত্ৰী আঙুৰলতা ডেকা সম্পৰ্কত কৰা মন্তব্য অত্যন্ত দুৰ্ভাগ্যজনক বুলি অভিহিত কৰে মুখপাত্ৰ কোঁৱৰে।  তাই আহোম ছাত্ৰ সন্থাৰ দৰে ৰাজ্যৰ আগশাৰীৰ সংগঠন এটাৰ এয়া সামূহিক বক্তব্য হবই নোৱাৰে বুলি কৈ মুখপাত্ৰ কোঁৱৰে আটাছুৰ নেতাজনক তেখেতৰ বক্তব্য প্ৰত্যাহাৰ কৰিবলৈ দাবী জনায়। যিটো সময়ত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন চৰকাৰ খনে অসমৰ প্ৰতিটো জাতি জনগোষ্ঠীক সমমৰ্যদা প্ৰদান কৰাৰ প্ৰচেষ্টা অব্যাহত ৰাখিছে সেই সময়ত এনে বক্তব্য কেতিয়াও গ্ৰহণযোগ্য নহয় ।

অন্যহাতেদি সংবাদমেলত অংশগ্ৰহণ কৰি থাওৰা বিধান সভা সমষ্টিৰ বিধায়ক সুশান্ত বৰগোঁহাইয়ে কয় যে বৰ্তমান চৰকাৰখনে আহোম জনগোষ্ঠীক কেতিয়াও অৱহেলা কৰা নাই, বৰঞ্চ উপযুক্ত প্ৰতিনিধিত্বৰে সন্মানহে আগবঢ়াইছে। বৰগোঁহাইয়ে কয় যে এই ঘটনাৰ দায়ী সকলক শীঘ্ৰেই আৰক্ষী প্ৰশাসনে চিনাক্ত কৰি দৃষ্টান্তমূলক শাস্তি বিহিব। অসমীয়া সমাজত শান্তি, সম্প্ৰীতিৰ হকে আটাছুৰ অৱদানৰ বিষয়েও বিধায়ক গৰাকীয়ে ব্যক্ত কৰে। উক্ত সংবাদ মেলত  সংবাদ বিভাগৰ আহ্বায়ক দেৱান ধ্ৰুৱজ্যোতি মৰল উপস্থিত থাকে ৷

By editor

Leave a Reply

Your email address will not be published. Required fields are marked *