বিক্সা বিষাক্ত চাওমিন কাণ্ড! মৃত্যুক সাৱটিলে তৃতীয়গৰাকী ছাত্ৰীয়েও

বাক্সা জিলাত চাওমিনৰ সৈতে বিহ মিহলাই খাই অসুস্থ হৈ বিগত কেইবাদিনো ধৰি হাস্পতালত চিকিৎসাধীন হৈ থকা তৃতীয় গৰাকী ছাত্ৰীও অৱশেষত শুই পৰিল মৃত্যুৰ কোলাত।

উল্লেখ্য যে, ৮ ডিচেম্বৰত টিউছন শিক্ষকে ধমক দিয়াৰ বাবেই তিনিগৰাকী কিশোৰী ছাত্ৰীয়ে চাওমিনৰ সৈতে বিহ মিহলাই খাইছিল। ইয়াৰ পিছতে অসুস্থ হৈ পৰা তিনিওগৰাকী ছাত্ৰীক গুৱাহাটীৰ এখন ব্যক্তিগত হাস্পতালত ভৰ্তি কৰোৱা হৈছিল।

কিন্তু ১৩ ডিচেম্বৰত এগৰাকী ছাত্ৰীৰ মৃত্যু ঘটাৰ পিছত ২৫ ডিচেম্বৰতো মৃত্যুক সাৱটি লয় দ্বিতীয়গৰাকী ছাত্ৰীয়ে। ইয়াৰ পিছতে ৩০ ডিচেম্বৰত মৃত্যু ঘটে তৃতীয়গৰাকী ছাত্ৰীৰ।

এই ঘটনাৰ সৈতে জড়িত গোচৰ ৰুজু কৰি বাক্সা আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছে। চাওমিন দোকানৰ স্বত্বাধিকাৰ মিয়াজান আলীক গ্ৰেপ্তাৰ কৰি জেল জিম্মালৈ প্ৰেৰণ কৰা হৈছে।

ইফালে ছাত্ৰীকেইগৰাকীৰ বিৰুদ্ধে মানসিক নিৰ্যাতনৰ অভিযোগ খণ্ডন কৰে বিদ্যালয় কৰ্তৃপক্ষই।

By editor

Leave a Reply

Your email address will not be published. Required fields are marked *