ভাৰত হ’ল ধান আৰু চাহপাত উৎপাদনৰ ক্ষেত্ৰত সমগ্ৰ বিশ্ৱৰ ভিতৰতে দ্ৱিতীয় বৃহত্তম উৎপাদনকৰ্তা। কিন্তু আমাৰ ধান আৰু চাহ খেতিয়কৰ বাবে এটা অন্যতম মূল সমস্যা হ’ল অপকাৰী ঘাঁহ-বন নিয়ন্ত্ৰণত ৰাখিব নোৱাৰাটো, যাৰ ফলত তেওঁলোকে উচ্চ গুণমান সম্পন্ন শস্য উৎপন্ন কৰিব নোৱৰা হৈ পৰে। বিএএচএফ-এ এতিয়া ভাৰতৰ ধান আৰু চাহ খেতিয়কক সহায় কৰিবলৈ শুভাৰম্ভ ঘটালে দুবিধ নতুন অপতৃণনাশকৰ– ফ্যাচেট® আৰু ডুভেলান, যাতে তেওঁলোকে নিজৰ খেতি-পথাৰ আক্ৰমণকাৰী অপতৃণৰ পৰা সুৰক্ষিতকৈ ৰাখিব পাৰে। ফ্যাচেট তৈয়াৰ কৰা হৈছে ধানখেতিৰ পথাৰত প্ৰয়োগৰ বাবে, আনহাতে ডুভেলানৰ ফৰ্মূলেশ্যনক অনুকূলিত কৰি তোলা হৈছে চাহ গছত ব্যৱহাৰ কৰাৰ বাবে। এই শেহতীয়া অভিনৱ সামগ্ৰী দুবিধে ভাৰতীয় খেতিয়কলৈ আগবঢ়াব অদৰ্কাৰী ঘাঁহ-বন নিয়ন্ত্ৰণত ৰখাৰ বাবে এটা নিৰ্ভৰযোগ্য সমাধান।
ফ্যাচেট এবিধ মুখ্য ঘাঁহ জাতীয় অপতৃণ একিনোক্লোৱা প্ৰজাতিক অতি সুদক্ষ আৰু নিৰ্ভৰযোগ্যভাৱে নিয়ন্ত্ৰণত ৰাখিব পাৰে। এই অগ্ৰণী সমাধানৰ পিছত থকা শক্তি হ’ল বিশেষভাৱে প্ৰস্তুত ফৰ্মূলাত থকা বিএএচএফ-ৰ সক্ৰিয় উপাদান, কুইনক্লোৰেক। ইয়াৰ ক্ৰিয়া কৰাৰ ধৰণ হ’ল ধানৰ প্ৰচলিত বহুতো অপতৃণনাশকতকৈ একেবাৰে বেলেগ। তদুপৰি বাও আৰু শালি দুয়ো ধৰণৰ খেতি পথাৰতে সামগ্ৰিকভাৱে ঘাঁহ-বন নিয়ন্ত্ৰণৰ বাবে এবিধ কাৰ্যকৰী টেঙ্ক মিক্স ৰূপে ধানৰ খেতিয়কৰ বাবে ই লগতে এবিধ অত্যুত্তম আহিলাও।
কিক্সৰ এক্টিভৰ শক্তিৰে চালিত ডুভেলান হ’ল চাহ বাগানৰ অদৰ্কাৰী ঘাঁহ-বন সূচাৰুভাৱে নিয়ন্ত্ৰণৰ অৰ্থে এবিধ অভিনৱ সমাধান। বিভিন্ন প্ৰকাৰৰ ঘাঁহ-বন নিয়ন্ত্ৰণত ই সহায় কৰে, ইয়াৰ অন্তৰ্গত পৰে এনে ঘাঁহ-বনো যিবোৰে পৰম্পৰাগত অপতৃণনাশকবোৰক সহ্য কৰিব পৰাৰ লগতে প্ৰচণ্ডভাৱে বিপজ্জনকো হৈ পৰিব ধৰিছে। চাহ বাগানত ইয়াক ঘাঁহ-বন ওলোৱাৰ পিছতো পোনপটীয়াকৈ প্ৰয়োগ কৰি ব্যৱহাৰ কৰিব পাৰি। চাহ গছৰ উপৰিও, বিভিন্ন শ্ৰেণীৰ ঘাঁহ-বনৰ বাবে ইয়াক শস্যবিহীন ক্ষেত্ৰতো ব্যৱহাৰ কৰিব পাৰি।